অসম

assam

By

Published : Jul 18, 2021, 2:22 PM IST

ETV Bharat / bharat

ডানিছ চিদ্দিকী আৰু মূল্যবৃদ্ধিক লৈ মৌন বিজেপি চৰকাৰ :পি চিদাম্বৰম

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ মতে চিদ্দিকীৰ মৃত্যু আৰু মৃল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপিয়ে কোনো মন্তব্য নিদিয়ে । তেওঁৰ মতে চৰকাৰখনে নিৰাপত্তা, বিকাশ আৰু কল্যাণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এই প্ৰতিশ্ৰুতি মিছা প্ৰতিপন্ন হোৱাৰ বাবে বিজেপিয়ে মৌনতা অৱলম্বন কৰাৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ ।

Chidambaram
ডানিছ চিদ্দিকী আৰু মূল্যবৃদ্ধিকলৈ মৌন বিজেপি চৰকাৰ

নেশ্যনেল ডেস্ক, ১৮ জুলাই : আফগানিস্তানৰ কান্দাহাৰত ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকীৰ (Danish Siddiqui) মৃত্যুৰ পিছতে সমগ্ৰ দেশত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে । এই ক্ষেত্ৰত এতিয়ালৈ মৌনতা অৱলম্বন কৰাৰ অভিযোগ উঠিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে । অভিযোগ আনিছে বিৰোধী কংগ্ৰেছে । ৰয়টাৰ্চৰ (Reuters) সাংবাদিকগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে মৌনতা অৱলম্বনৰ কাৰণ উল্লেখ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে (P Chidambaram) ।

তেওঁৰ মতে, চিদ্দিকীৰ মৃত্যু আৰু মৃল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপিয়ে (BJP) কোনো মন্তব্য নিদিয়ে । তেওঁৰ মতে চৰকাৰখনে নিৰাপত্তা, বিকাশ আৰু কল্যাণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এই প্ৰতিশ্ৰুতি মিছা প্ৰতিপন্ন হোৱাৰ বাবে বিজেপিয়ে মৌনতা অৱলম্বন কৰাৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ ।

ডানিছ চিদ্দিকী আৰু মূল্যবৃদ্ধিকলৈ মৌন বিজেপি চৰকাৰ

উল্লেখ্য যে, ক'ভিড (Covid) পৰিস্থিতিত ভাৰতৰ প্ৰত্যাহ্বান আৰু কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বিভিন্ন ফটো তুলি চৰ্চা লাভ কৰিছিল চিদ্দিকীয়ে । সাংবাদিকগৰাকীয়ে সংগ্ৰহ কৰা অক্সিজেনৰ নাটনি আৰু চিকিৎসাৰ অভাৱত ৰোগীৰ দুৰৱস্থাৰ সময়ৰ ফটোবোৰে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল ।

১৬ জুলাইত আফগান নিৰাপত্তা বাহিনী আৰু তালিবানৰ মাজত হোৱা সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতেই চিদ্দিকী নিহত হৈছিল । ম্যানমাৰৰ পৰা পলায়ন কৰা ৰহিংগীয়া শৰণাৰ্থীসকলৰ ফিচাৰ ফটোগ্ৰাফৰ বাবে ৩৮ বছৰীয়া সাংবাদিকগৰাকীয়ে ২০১৮ চনত পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । ইফালে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাষণ দি থকা সময়ত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই চিদ্দিকীৰ হত্যাক গৰিহণা দিয়াৰ লগতে সশস্ত্ৰ সংঘৰ্ষৰ সময়ত সাধাৰণ লোকৰ বিৰুদ্ধে হোৱা হিংসাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে ।

মৃত্যুৰ পিছতে বহু বিশিষ্ট নেতাসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিকগৰাকীক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ' বাইডেন প্ৰশাসনেও তেওঁৰ বাতৰিবোৰ প্ৰশংসা কৰাৰ লগতে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছিল । কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে (Rahul Gandhi) টুইট যোগে ডানিছ চিদ্দিকীৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছিল । লগতে তেওঁৰ নশ্বৰ দেহ অতি সোনকালে দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক তেওঁ অনুৰোধ জনাইছিল ।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee),কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙেও টুইটযোগে সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক :আগৰ বা সাঁচিগছৰ খেতিৰ বাবে ত্ৰিপুৰাক পৰ্যাপ্ত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

ABOUT THE AUTHOR

...view details