নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ :অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে । সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে । বিজেপি দলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি ষ্টাৰ কেম্পেইনাৰসকলে নিতৌ ৰাজ্যখনত প্ৰচাৰ চলাইছে ।
শনিবাৰে ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব । দলৰ তিনিওগৰাকী শীৰ্ষ নেতাই ৰাজ্যখনত একেদিনাই নিৰ্বাচনী প্ৰচাৰ চলাব । যাৰ বাবে ৰাজ্যিক বিজেপিয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । জানিব পৰা মতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা সভা আৰু ৰোড শ্ব'ত তেওঁলোকে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে ২৫, ২৬ আৰু ২৭ নৱেম্বৰত তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব ।
ইফালে শুকুৰবাৰৰ পৰাই গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া প্ৰচাৰ কাৰ্যসূচীৰ আৰম্ভ হৈছে । তেওঁ শুকুৰবাৰে দুপৰীয়া ১২ বজাত আৰ্মৰৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। অমিত শ্বাহে দুপৰীয়া ২ বজাত ৰাজেন্দ্ৰনগৰ খণ্ডত, আবেলি ৩ বজাত চেৰিলিংগাম্পল্লী সমষ্টিত আৰু ৪.৩০ বজাত অম্বৰপেটত ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আছে ।