নিউজ ডেস্ক, 16 জানুৱাৰী: আজিৰে পৰা দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ পৌৰ পৰিষদৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ দুদিনীয়া বৈঠক (BJP national executive meeting)। এই গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । ইয়াৰ সমান্তৰালকৈ বিধানসভা আৰু সাধাৰণ নিৰ্বাচনৰ বাবে দলৰ কৌশলৰ বিষয়েও আলোচনা কৰা হ’ব ।
এই মাহতে অন্ত পৰিব ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি হিচাপে নাড্ডাৰ তিনি বছৰীয়া কাৰ্যকাল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈকে তেওঁ দলৰ নেতৃত্ব দিব পাৰিব । সোমবাৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পেটেল চ’কৰ পৰা এন ডি এম চি কনভেনচন চেণ্টাৰলৈ ৰোড শ্ব’ৰ আয়োজন কৰিছে (PM Modi road show in Delhi) ।
ইয়াৰ পিছত বিয়লি ৪ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভা আৰম্ভ হ’ব । বিজেপিৰল ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অধিৱেশনত উদ্বোধনী ভাষণ দিব আৰু মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণেৰে এই কাৰ্যনিবাহক সভাৰ সামৰণি পৰিব । সাংবাদিকক সম্বোধন কৰি বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাউডে কয় যে, প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ সভাপতি নড্ডাৰ উপৰিও বিজেপি শাসিত ৰাজ্যৰ ১২ জন মুখ্যমন্ত্ৰী আৰু ৫ জন উপ-মুখ্যমন্ত্ৰীৰ উপৰিও ১৭ খন ৰাজ্যৰ সদনৰ সদস্য, ৩৫ জন কেন্দ্ৰীয় মন্ত্ৰী, দলৰ বিভিন্ন পদত থকা নেতাকে ধৰি প্ৰায় ৩৫০ জন লোকে কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব (BJP executive meeting news) ।
বৈঠকত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সংকল্প গৃহীত কৰা হ’ব বুলিও তেওঁ কয় । কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে সোমবাৰে পুৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া, সকলো ৰাজ্যৰ সভাপতি আৰু সংগঠনটোৰ সাধাৰণ মন্ত্ৰী-মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব । সূত্ৰ অনুসৰি এই বৈঠকতে কাৰ্যবাহী কাৰ্যসূচী চূড়ান্ত কৰা হ’ব ।