নিউজ ডেস্ক, ১০ অক্টোবৰ :অপমানজনক মন্তব্য বিতৰ্কত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে মঙলবাৰে লোকসভাৰ বিশেষাধিকাৰ সমিতিৰ বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে । পূৰ্বৰ নিৰ্ধাৰিত ব্যস্ততাৰ বাবে তেওঁ এই বৈঠকত উপস্থিত থকাৰ অক্ষমতাৰ কথা উল্লেখ কৰে বিধুৰীয়ে । উল্লেখ্য যে লোকসভাৰ সদস্য ৰমেশ বিধুৰী আৰু বহুজন সমাজ পাৰ্টীৰ সাংসদ দানিশ আলীক লৈ চলি থকা বিতৰ্কত কেইবাজনো সদস্যৰ অভিযোগ বিবেচনা কৰাৰ বাবে মঙলবাৰে বিশেষাধিকাৰ পেনেলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ।
আনহাতে, বিৰোধী দলবোৰে সদনৰ পৰা তেওঁক নিলম্বনৰ বাবে শক্তিশালী প্ৰচেষ্টা কৰাৰ পিছত সমিতিখনে বিধুৰীৰ ভাষ্য শুনিব বুলি আশা কৰা হৈছে । লোকসভাৰ ভিতৰত দানিশ আলীৰ বিৰুদ্ধে অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগত পেনেলে বিধুৰীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ লাভ কৰিছিল । ইছৰোৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত সদনত এক আলোচনাৰ সময়ত 'সাম্প্ৰদায়িক' মন্তব্যৰ ব্যৱহাৰৰ বাবে বিজেপি সাংসদগৰাকীক তীব্ৰ সমালোচনা কৰা হৈছিল ।