অসম

assam

ETV Bharat / bharat

MP Harnath Singh Yadav ON INDIA: 'ইণ্ডিয়া'ৰ পৰিৱৰ্তে ৰাইজক 'ভাৰত' শব্দ ব্যৱহাৰ কৰিবলৈ আহ্বান বিজেপি সাংসদৰ - Use Bharat instead of India

দেশবাসীক 'ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ভাৰত' শব্দ ব্যৱহাৰ কৰিবলৈ আহ্বান বিজেপি সাংসদ হৰনাথ সিং যাদৱৰ । ইণ্ডিয়া শব্দটো ব্ৰিটিছে দিয়া নাম । ইয়াক ইংৰাজৰ অপমান বুলিও তেওঁ অভিযোগ কৰে ।

MP Harnath Singh Yadav ON INDIA
'ইণ্ডিয়া'ৰ পৰিৱৰ্তে ৰাইজক 'ভাৰত' শব্দ ব্যৱহাৰ কৰিবলৈ আহ্বান বিজেপি সাংসদৰ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:21 PM IST

নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ :বিৰোধী মিত্ৰজোঁটে তেওঁলোকৰ নাম 'INDIA' ৰখাৰ পাছতে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এতিয়াও বিৰোধী মিত্ৰজোঁটৰ নামক লৈ বিতৰ্ক অব্যাহত আছে । দেশৰ নাম ব্যৱহাৰ কৰাৰ বাবে বিশেষকৈ শাসকীয় বিজেপিয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰি আহিছে ।

এইবাৰ শাসকীয় দলৰ সাংসদ হৰনাথ সিং যাদৱৰ বিস্ফোৰক মন্তব্য । দেশৰ সকলো লোককে তেওঁ ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ মতে ‘ভাৰত’ শব্দটোৱে দেশৰ সংস্কৃতি প্ৰতিফলিত কৰে । আনহাতে ‘ইণ্ডিয়া’ শব্দটো পূৰ্বৰ ব্ৰিটিছ শাসকসকলে দিয়া আপত্তিজনক বুলি তেওঁ অভিহিত কৰে ।

এক্সৰ (X) জৰিয়তে বিজেপি সাংসদগৰাকীয়ে কয় যে সমগ্ৰ দেশে দাবী কৰিছে যে আমি 'ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ভাৰত' শব্দটো ব্যৱহাৰ কৰা উচিত । 'ইণ্ডিয়া' শব্দটো ব্ৰিটিছসকলে আমাক দিয়া অপমান আনহাতে 'ভাৰত' শব্দটো আমাৰ সংস্কৃতিৰ প্ৰতীক । তেওঁ লগতে দেশৰ সংবিধানত পৰিৱৰ্তন হোৱাটো বিচাৰে আৰু 'ভাৰত' শব্দটো যোগ দিয়া উচিত বুলিও দাবী কৰে ।

দেশৰ বিৰোধী দলবোৰে মিত্ৰতা গঠন কৰাৰ পাছৰে পৰা এক ৰাজনৈতিক বিতৰ্ক চলি আহিছে । বিৰোধী দলসমূহে মিত্ৰজোঁটৰ নাম ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স চমুকৈ 'INDIA' ৰাখিছিল । তাৰ পাছৰে পৰা বিজেপিয়ে বিৰোধীক সমালোচনা কৰিবলৈ আৰম্ভ কৰে । কেৱল এয়াই নহয় 'ইণ্ডিয়া'ৰ ঠাইত নেতাসকলে 'ভাৰত' শব্দ ব্যৱহাৰ কৰিবলৈও জোৰ দি আহিছে ।

শেহতীয়াকৈ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া সদস্য দেশসমূহলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা নিমন্ত্ৰণত 'ভাৰত' শব্দটো ব্যৱহাৰ কৰে । ইয়াক লৈ বিৰোধী মিত্ৰজোঁট 'INDIA'ই অসন্তুষ্টিও প্ৰকাশ কৰিছে ।

কংগ্ৰেছ নেতাসকলে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাও দেখা গৈছে । অৱশ্যে বিজেপি সাংসদ তথা নেতাসকলে কংগ্ৰেছক তীব্ৰ প্ৰত্যুত্তৰ দি আহিছে । ইয়াৰ মাজতে সাংসদ হৰনাথ সিঙে সংবিধানৰ পৰিৱৰ্তন বিচাৰি 'ভাৰত' শব্দটো ব্যৱহাৰ কৰিবলৈ কোৱাত পুনৰ এবাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :'India' to 'Bharat': কেন্দ্ৰই ‘INDIA’ৰ নাম সলনি কৰি ‘BHARAT’ কৰাৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details