অসম

assam

By

Published : Mar 16, 2021, 7:35 PM IST

ETV Bharat / bharat

বিকাশ ডুবেৰ আত্মীয়ক উৎপীড়ন: মুখ্যমন্ত্ৰীলৈ পত্ৰ উমেশ দ্বিবেদীৰ

আৰক্ষীৰ গুলীত মৃত্যু হোৱা গেংষ্টাৰ বিকাশ ডুবেৰ আত্মীয়ক আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধান পৰিষদৰ সদস্য উমেশ দ্বিবেদীয়ে । এই সন্দৰ্ভত সহায় বিচাৰি উমেশ দ্বিবেদীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ প্ৰেৰণ কৰিলে এখন পত্ৰ ।

বিকাশ ডুবেৰ আত্মীয়ক উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ্বান উমেশ দ্বিৱেদীৰ
বিকাশ ডুবেৰ আত্মীয়ক উৎপীড়নৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ্বান উমেশ দ্বিৱেদীৰ

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: গেংষ্টাৰ বিকাশ ডুবেৰ পৰিয়ালৰ লোকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হস্তক্ষেপ বিচাৰিলে বিজেপিৰ বিধান পৰিষদৰ সদস্য উমেশ দ্বিবেদীয়ে । সৰ্বভাৰতীয় ব্ৰাহ্মণ মহাসভাৰ সভাপতিগৰাকীৰ মতে, বিকাশ ডুবেৰ ভাতৃ দীপ প্ৰকাশ ডুবে আৰু পত্নী অঞ্জলি ডুবেক আৰক্ষীয়ে মিছা গোচৰত জড়িত কৰিছে ।

ডুবেৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ তদন্তৰ নিৰ্দেশ দিবলৈ উমেশ দ্বিবেদীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনায় । লগতে পৰিয়ালটোৰ ন্যায় নিশ্চিত কৰিবলৈও আহ্বান জনাইছে । উল্লেখ্য যে, বিগত বৰ্ষৰ ১০ জুলাইত কানপুৰত আৰক্ষীৰে হোৱা সংঘৰ্ষত বিকাশ ডুবে নিহত হৈছিল । বিকাশ ডুবে আৰু সহযোগীয়ে বিক্ৰু গাঁৱত এক এম্বুছত আঠগৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ এসপ্তাহৰ পিছত আৰক্ষীৰ গুলীত ধৰাশায়ী হৈছিল ডুবে ।

বিকাশ ডুবেৰ বিত্তীয় লেনদেন সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে পৰিয়ালৰ সদস্য আৰু সহযোগীসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল ৷ এতিয়াও তদন্ত অব্যাহত আছে আৰক্ষীৰ । এই তদন্তৰ সময়ত আৰক্ষীয়ে পৰিয়ালৰ লোকক অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে উমেশ দ্বিবেদীয়ে আৰু সহায় বিচাৰি যোগী আদিত্যনাথলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: অনলাইনযোগে বিজ্ঞাপন প্ৰকাশ কৰি প্ৰতাৰণাৰ বলি যুৱক

ABOUT THE AUTHOR

...view details