অসম

assam

ETV Bharat / bharat

অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ শুভেন্দু অধিকাৰীৰ - তৃণমূল কংগ্ৰেছ

দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ পশ্চিমবংগৰ বিজেপি বিধায়ক শুভেন্দু অধিকাৰী(Suvendu Adhikari)ৰ । পশ্চিমবংগত বিজেপি কৰ্মীক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে আলোচনা কৰে শুভেন্দু অধিকাৰীয়ে । বিজেপি বিধায়কগৰাকীয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

BJP MLA Suvendu Adhikari met Union Home Minister Amit Shah
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ পশ্চিমবংগৰ বিজেপি বিধায়ক সুভেন্দু অধিকাৰীৰ

By

Published : Jun 8, 2021, 7:25 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন: মঙলবাৰে পশ্চিমবংগৰ বিজেপি বিধায়ক শুভেন্দু অধিকাৰী(Suvendu Adhikari)এ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah)ক সাক্ষাৎ কৰে । দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অধিকাৰীয়ে পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা কৰে ।

ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে বহু বিজেপি কৰ্মী আক্ৰমণৰ বলি হৈছিল । এই আক্ৰমণৰ ঘটনাত কেইবাজনো বিজেপি কৰ্মীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । সোমবাৰে নিশা পশ্চিমবংগৰ বিজেপি নেতাগৰাকী দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰে ৷

এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, অধিকাৰীয়ে মঙলবাৰে অন্য কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাক সাক্ষাৎ কৰিব । বুধবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছে ।

বিগত সপ্তাহত, শুভেন্দু অধিকাৰীয়ে পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনকৰৰ ওচৰত নিৰ্বাচনোত্তৰ হিংসাৰ বিষয়ত কেতবোৰ তথ্য দাখিল কৰিছিল । ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছিল । ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ উত্থাপন কৰিছিল যে, এই হিংসাত্মক ঘটনাৰ বাবেই কেইবাজনো দলীয় কৰ্মীৰ মৃত্যু হৈছে ।

অৱশ্যে, শাসকীয় তৃণমূল কংগ্ৰেছে(TRINAMUL CONGRESS) এই অভিযোগ অস্বীকাৰ কৰিছে । ৰাজ্য চৰকাৰে ২৫ মে'ত উচ্চতম ন্যায়ালয়ক জনাইছিল যে, ৰাজ্যখনত ২ মে'ত নিৰ্বাচনোত্তৰ হিংসাত দুজন বিজেপি কৰ্মীক হত্যা কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক:বিভিন্ন বিষয়কলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details