আগৰতলা, 29 এপ্ৰিল: সোমবাৰে নিশা আগৰতলাৰ এটা বিবাহগৃহত হঠাৎ এক অভিযান চলাই পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱে অশোভনীয় আচৰণ কৰাক লৈ ৰাজ্য খনত ভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চহৰখনৰ মাজভাগত অৱস্থিত এটা বিবাহগৃহত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি বিবাহথলীত উপস্থিত ৰাইজ, দৰা আৰু আনকি আৰক্ষী কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ পাচতে দণ্ডাধীশ গৰাকী বিতৰ্কৰ মাজত সোমাই পৰিছে ৷ মূলতঃ ক'ভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলী ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি উপস্থিত লোক সকলৰ সৈতে যাদৱে অভব্য আচৰণ কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে যাদৱৰ তাৎক্ষণিক নিলম্বনৰ দাবী জনাইছে বিজেপিৰ বিধায়ক আশিষ দাসে ৷ বুধবাৰে বিধায়কজনে চাৰ্কিট হাউচত অৱস্থিত আগৰতলাৰ গান্ধী প্ৰতিমুৰ্তিৰ তলত ধৰ্ণা সাব্যস্ত কৰি জিলা দণ্ডাধীশ গৰাকীৰ নিলম্বনৰ দাবী উত্থাপন কৰে ৷ জিলা দণ্ডাধীশ শৈলেশ কুমাৰ যাদৱৰ বিৰুদ্ধে ক্ষমতাৰ স্বৈৰাচাৰী প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীয়ে যাদৱক নিলম্বনৰ দাবী উত্থাপন কৰে ৷ যাদৱক নিলম্বন কৰাৰ বাবে 12 ঘন্টাৰ সময়সীমা বান্ধি দি ইয়াৰ অন্যথা প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তুলিব বুলিও আশিষ দাসে হুংকাৰ প্ৰদান কৰে ৷
বিধায়ক গৰাকীয়ে কয় যে, "জিলা দণ্ডাধীশ গৰাকীৰ নিলম্বনৰ দাবীৰে মই মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো ৷ তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মই 12 ঘন্টাৰ সময়সীমা বান্ধি দিছো ৷ আজি আমি ইয়াত প্ৰতিবাদত বহিছো ৷ যদিহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এই ধৰ্ণা অব্যাহত থাকিব ৷"