অসম

assam

ETV Bharat / bharat

ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ মহিলাক আমন্ত্ৰণ ত্ৰিপুৰাৰ বিজেপি বিধায়কৰ - ড্ৰাগছৰ বিৰুদ্ধে যুঁজ

আগৰতলা চহৰৰ দাঁতিকাষৰীয়া বৰজলা সমষ্টিত বিজেপি বিধায়ক ড৹ দিলীপ কুমাৰ দাসৰ নেতৃত্বত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ মহিলা সকলক নিচা জাতীয় সামগ্ৰী তথা অপৰাধৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ সজাগ কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰে ৷

ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে মহিলা সজাগতা সভা
ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে মহিলা সজাগতা সভা

By

Published : Apr 19, 2021, 7:17 AM IST

আগৰতলা,19 এপ্ৰিল: বিভিন্ন সময়ত ত্ৰিপুৰা-বাংলাদেশ সীমান্তত নিচা জাতীয় সামগ্ৰী জব্দ কৰি অহাৰ সময়তে দেওবাৰে আগৰতলা চহৰৰ দাঁতিকাষৰীয়া বৰজলা সমষ্টিত বিজেপি বিধায়ক ড৹ দিলীপ কুমাৰ দাসৰ নেতৃত্বত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ মহিলা সকলক নিচা জাতীয় সামগ্ৰী তথা অপৰাধৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ সজাগ কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰে ৷ যিহেতু বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোৰে একাংশ চোৰাং ব্যৱসায়ীয়ে সঘনাই ড্ৰাগচৰ লগতে আন আন নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে সেয়েহে মহিলা সকলক সজাগ কৰাৰ বাবে সজাগতা শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়ক গৰাকীয়ে ৷

সভাত বিধায়কগৰাকীয়ে কয়, মহিলাসকলক সজাগ কৰিলে দেশৰ উন্নতি হ'ব ৷ গতিকে মহিলা সকলক প্ৰথমে সজাগ কৰিব লাগিব ৷ যিহেতু মহিলা সকলে পৰিয়ালক নেতৃত্ব দিয়ে গতিকে সমাজখনকো নেতৃত্ব দিব পাৰিব৷ সঘনাই ত্ৰিপুৰাত অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে ৷ ধনৰ প্ৰলোভন দি বিভিন্ন সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বিপথে পৰিচালিত কৰি আহিছে একাংশ লোকে ৷ গতিকে মহিলাসকলক সজাগ কৰিলে সমাজৰ প্ৰতিটো দিশেই নিকা হ'ব ৷

লগতে বিধায়কগৰাকীয়ে কয়, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াত মহিলাসকল আৰক্ষীৰ বাবে এক বিশ্বস্ত উৎস হৈ পৰিছে। ড্ৰাগছ সমাজৰ বাবে ব্যাধি হৈ পৰিছে। এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, 15 ৰ পৰা 16 বছৰ বয়সৰ ল'ৰা-ছোৱালীসকলক এটা দুষ্ট চক্ৰই ড্ৰাগছৰ ফান্দলৈ ঠেলি দিছে। তেওঁলোকক প্ৰথমে ধনৰ প্ৰলোভন দিয়া হয়, তাৰ পিছত তেওঁলোকক পেডলাৰৰ দ্বাৰা ড্ৰাগছ সেৱন কৰিবলৈ প্ৰভাৱিত হয় আৰু অন্তিম পৰ্যায়ত তেওঁলোকক পেডলাৰ হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰে ৷ সেয়েহে মহিলা সকলৰ দ্বাৰা এই সমূহ অপৰাধ ৰোধ কৰিব পৰা যাব ৷

লগতে পঢ়ক: পশ্চিমবংগত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details