অসম

assam

ETV Bharat / bharat

Rajasthan Election 2023 : ৰাজস্থান নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ বিজেপিৰ; গেহলট চৰকাৰক আক্ৰমণ জে পি নাড্ডাৰ - BJP slams congress in Rajasthan

ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই ইস্তাহাৰ জয়পুৰত উন্মোচন কৰে । ইস্তাহাৰ উন্মোচন কৰি নাড্ডাই কয় যে আন দলসমূহৰ বাবে ই কেৱল এক আনুষ্ঠানিকতা হ'ব পাৰে, কিন্তু বিজেপিৰ বাবে ই এক 'সংকল্প' । লগতে তেওঁ গেহলট চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

ৰাজস্থান নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ বিজেপিৰ
Rajasthan Election 2023

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:31 PM IST

নিউজ ডেস্ক, ১৬ নৱেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচন দুৱাৰদলিত উপস্থিত হৈছে । কংগ্ৰেছ-বিজেপিকে ধৰি অন্যান্য দলবোৰে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে । ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজস্থানৰ আকাশ-বতাহ নিৰ্বাচনী উত্তাপেৰে উত্তাপিত হৈ পৰিছে । তাৰ মাজতে বিজেপি সভাপতি জে পি নাড্ডাই বৃহস্পতিবাৰে আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰে । সংকল্প পত্ৰ উন্মোচন কৰি জে পি নাড্ডাই কয় যে তেওঁলোকৰ সংকল্প পত্ৰখন তিনিটা বিষয়ক লৈ প্ৰস্তুত কৰা হৈছে ।

প্ৰথমটো হৈছে সকলোৰে বিকাশ । দ্বিতীয় বিষয়টো হৈছে গাঁওসমূহৰ বিকাশ । ইয়াৰ বাবে সবলীকৰণ, দৰিদ্ৰ, বঞ্চিত, নিপীড়িত, অনুসূচিত জাতি-জনজাতি, মহিলা, যুৱ, কৃষকসকলৰ বাবে পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, তৃতীয় বিষয়টো হৈছে আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব ।

সংকল্প পত্ৰ উন্মোচন কৰি নাড্ডাই কয় যে আন ৰাজনৈতিক দলসমূহৰ বাবে এই ইস্তাহাৰ কেৱল এক আনুষ্ঠানিক নথি হ'ব পাৰে । কিন্তু বিজেপিৰ বাবে এইটো এক সংকল্প, যিয়ে সাধাৰণ লোকসকলক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ গৈ আছে । তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এয়া হৈছে উন্নয়নৰ এক ৰোডমেপ । এইটো কেৱল ইস্তাহাৰৰ পৃষ্ঠাত লিখা শব্দ নহয়, বিজেপিয়ে পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বাক্য । নাড্ডাই লগতে কয় যে বিজেপিয়ে যি কৈছে সেয়া কৰিছে আৰু নোকোৱা কামবোৰো কৰিছে । এয়া হৈছে বিজেপিৰ দৃঢ় বাক্য আৰু এয়া নিশ্চিতভাৱে পূৰণ কৰা হ'ব ।

আনহাতে, গেহলট চৰকাৰৰ দুৰ্নীতিৰ ওপৰতো তীব্ৰ আক্ৰমণ কৰে নাড্ডাই । তেওঁ কয় যদি ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰে, তেন্তে প্ৰশ্নকাকত ফাদিল গোচৰ আৰু জল জীৱন মিছনকে ধৰি অন্যান্য দুৰ্নীতিৰ ঘটনাৰ তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল বা এছআইটি গঠন কৰিব । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে কোনো দুৰ্নীতিগ্ৰস্ত ব্যক্তিকে ৰেহাই দিয়া নহ'ব ।

যিসকলে যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ খেলা কৰিছে, মাতৃ আৰু ভগ্নীসকলৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোক সকলোৰে ওপৰত তদন্ত কৰা হ'ব । আনহাতে, অপৰাধীসকলক তেওঁলোকৰ কামৰ বাবে শাস্তি দিয়া হ'ব বুলিও নাড্ডাই কয় । ইয়াৰ উপৰি নাড্ডাই কয় যে দুৰ্নীতিগ্ৰস্তসকলে এই কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনৈতিক সুৰক্ষা লাভ কৰিছে । ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হ'লে এই সকলোৰে হিচাপ লোৱা হ'ব ।

"বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য কি, মই সেইটো স্পষ্ট কৰিব বিচাৰোঁ । কংগ্ৰেছ দলটো পাঁচ বছৰত পাঁচটা কথাৰ বাবে জনাজাত আছিল । প্ৰথমটো হৈছে দুৰ্নীতি আৰু দুৰ্নীতিত কংগ্ৰেছ এক নম্বৰত । দ্বিতীয়তে, ভগ্নী, কন্যা তথা মাতৃসকলক অপমান কৰা । নাৰীৰ সন্মানৰ সৈতে খেলা কৰিছে আৰু কৃষকসকলৰ জীৱনক লৈও খেলা খেলিছে । এইখন একমাত্ৰ ৰাজ্য, য'ত বিদ্যুৎ আটাইতকৈ ব্যয়বহুল আৰু পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট সৰ্বাধিক । ইয়াত সৰ্বাধিক সংখ্যক প্ৰশ্নকাকত ফাদিল হৈছে আৰু দৰিদ্ৰ আৰু দলিতসকলৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছে ।" বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ অভিযোগ ।

নাড্ডাই লগতে কয় যে কংগ্ৰেছে বৃদ্ধ পেঞ্চনতো কেলেংকাৰী কৰাৰ পৰা বিৰত থকা নাই । গেহলটৰ পৰিয়ালে ১১,০০০ কোটি টকাৰ নিবিদা লাভ কৰিছে । কংগ্ৰেছে স্বজন-তোষণক গুৰুত্ব দিয়ে আৰু গেহলট হৈছে ইয়াৰ এক উদাহৰণ ।

লগতে পঢ়ক :Silkyara Tunnel accident : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ABOUT THE AUTHOR

...view details