নিউজ ডেস্ক, 7 নৱেম্বৰ: শেহতীয়াকৈ অনুষ্ঠিত দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত চমকপ্ৰদ জয়লাভ কৰিছে বিজেপি দলে ৷ তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিৰ বাবে গেৰুৱা দলে জল্পনা-কল্পনা চলাই থকাৰ সময়তে বৃহস্পতিবাৰে দিল্লীত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ শীৰ্ষ দলটোৱে ৷
তেনে এখন বৈঠকত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৭ লোক কল্যাণ মাৰ্গত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ যোগীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সভাপতি জে পি নাড্ডাকে ধৰি অন্যান্য শীৰ্ষ নেতাসকলকো সাক্ষাৎ কৰে ৷ সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা যোগীৰ বৈঠকখনত উত্তৰ প্ৰদেশ চৰকাৰৰ সম্ভাব্য মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভতো আলোচনা হয়৷
পিছত অমিত শ্বাহে প্ৰধানমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি বিশদ আলোচনা কৰে, যি আলোচনা প্ৰায় এঘণ্টা ধৰি চলিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ সপ্তাহৰ শেষৰ ফালে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ’ব পাৰে বুলি ইংগিত পোৱাৰ মাজতে শুকুৰবাৰে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভাৰ দলসমূহৰ নেতা নিৰ্বাচনৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ নাম উল্লেখ কৰাৰ সম্ভাৱনা আছে ৷
দলৰ এজন জ্যেষ্ঠ নেতাই কয় যে শুকুৰবাৰে তিনিওখন ৰাজ্যৰ পৰ্যবেক্ষকৰ নাম উল্লেখ হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পিছত তেওঁলোকে নিজ নিজ ৰাজ্যলৈ গৈ নৱনিৰ্বাচিত বিধায়কৰ বৈঠক অনুষ্ঠিত কৰিব ৷ য’ত পৰৱৰ্তী মুখ্যমন্ত্ৰীসকলৰ নাম ঘোষণা কৰা হ’ব ৷ মুখ্যমন্ত্ৰীৰ বাছনি সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তিনিওজন মুখ্যমন্ত্ৰীক বাছনি কৰাৰ ক্ষেত্ৰত দলটোৱে সামাজিক, আঞ্চলিক, শাসন আৰু সাংগঠনিক স্বাৰ্থৰ কথা মনত ৰাখিব ৷