নেশ্যেনেল ডেস্ক, 27 জানুৱাৰী: মধ্যপ্ৰদেশৰ বিদিশা নগৰত সংঘটিত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Suicide case in MP) ৷ অচিন ৰোগত আক্ৰান্ত হৈ থকা দুই সন্তানক বচাব নোৱাৰাৰ বাবে এটা পৰিয়ালে আত্মহননৰ পথ বাচি লয় ৷ এই ঘটনাৰ পূৰ্বে সামাজিক মাধ্যমত আত্মহত্যাৰ কাৰণ দৰ্শাই এক পোষ্ট কৰিছিল লোকজনে (Family committed suicide) ৷
ঘটনাৰ বিৱৰণী অনুসৰি বিদিশা নগৰ মণ্ডলৰ উপ-সভাপতি তথা বিজেপিৰ প্ৰাক্তন কৰ্পোৰেটৰ সঞ্জীৱ মিশ্ৰ (৪৫)ই তেওঁৰ পত্নী আৰু দুই পুত্ৰসহ বাস কৰিছিল ৷ তেওঁলোকৰ দুই পুত্ৰ দীৰ্ঘদিন ধৰি এক বিৰল আনুবংশিক ৰোগত আক্ৰান্ত হৈ আছিল ৷ তেওঁলোকে দুয়োটা সন্তানক সুস্থ কৰিবলৈ বহু ঠাইত চিকিৎসা কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল ৷
ইয়াৰে পিচত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত সঞ্জীৱ মিশ্ৰই দুই পুত্ৰৰ অসুস্থতাৰ বাবে বিচলিত হৈ সামাজিক মাধ্যমত এক পোষ্ট কৰি উল্লেখ কৰে (Posted A Suicide Note On Social Media) যে "ঈশ্বৰে তেওঁৰ শত্ৰুৰ সন্তানকো দুৰাৰোগ্য ডুচেন মাস্কুলাৰ ডিষ্ট্ৰোফি (ডিএমডি) নামৰ অসুখত আক্ৰান্ত নকৰাওক ৷ আমি জীয়াই থাকিব নিবিচাৰো ৷ আমি আমাৰ দুই পুত্ৰক বচাব নোৱাৰো ৷ "
এই পোষ্টটো প্ৰত্যক্ষ কৰিয়েই তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লোকে সঞ্জীৱ মিশ্ৰৰ ঘৰলৈ গৈছিল ৷ স্থানীয়ে লোকে মিশ্ৰৰ ঘৰলৈ গৈ মিশ্ৰ, তেওঁৰ পত্নী নীলম (৪২) আৰু ১৩ আৰু ৭ বছৰ বয়সৰ দুজন পুত্ৰক অজ্ঞানভাৱে শুই থকা অৱস্থাত প্ৰত্যক্ষ কৰে (BJP leader wife their 2 sons commit suicide) ৷ লগে লগে লোকসকলে পৰিয়ালটোক জিলা চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ চিকিৎসালয় গৈ পোৱাৰ আগতেই পৰিয়ালটোৰ আটাইয়ে মৃত্যুক সাৱতি লৈছিল (BJP leader with family suicide)৷