নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ :অযোধ্যাৰ নজুল ভূমি কেলেংকাৰীক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Nazul land scam in Ayodhya)। এই কেলেংকাৰীত চৰকাৰী বিষয়াসকল জড়িত থকাৰ অভিযোগ উঠিছিল । এইবাৰ চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অভিযোগ দিলে বিজেপি নেতাই । নজুল ভূমি কেলেংকাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এক অভিযোগ প্ৰেৰণ কৰিলে বিজেপিৰ মুখপাত্ৰ ৰজনীশ সিঙে (Complaint on Nazul land scam sent to PMO)।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অভিযোগ ৱেবছাইটত পঞ্জীয়ন হোৱা তেওঁৰ অভিযোগত বিজেপিৰ মুখপাত্ৰ ৰজনীশ সিঙে অভিযোগ কৰিছে যে স্থানীয় চৰকাৰী বিষয়াসকল নজুল ভূমি কেলেংকাৰীত জড়িত আছে । বিজেপি নেতা সিঙে অযোধ্যাৰ নজুল ভূমিৰ পুৰণি নথিপত্ৰ পৰীক্ষণ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে (BJP leader complaint against Nazul land scam)। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টো পৰৱৰ্তী পদক্ষেপৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰলৈ স্থানান্তৰ কৰিছে ।
অযোধ্যাৰ প্ৰায় ২,০০০ বিঘা ভূমি মাফিয়াই কাঢ়ি নিয়াৰ অভিযোগ উঠিছিল । এই বৃহৎ ভূমি ফৈজাবাদ চহৰৰ বিখ্যাত 'আফিম কোঠি'ৰ পিছফালে আছে আৰু ইয়াক জলাশয় বুলি জনা যায় । ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অভিযোগ ৱেবছাইটত তেওঁ অভিযোগ পঞ্জীয়ন কৰাৰ লগে লগে ৰজনীশ সিঙে বিষয়টোৰ সঠিক তদন্ত হোৱাৰ লগতে ভূ মাফিয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে ।