অসম

assam

ETV Bharat / bharat

কলা যাদু, বলপূৰ্বক ধৰ্মান্তকৰণ প্ৰতিহত কৰাৰ বাবে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল - bjp leader files plea for prevention of black magic

বলপূৰ্বক ধৰ্মান্তকৰণ আৰু কলা যাদু প্ৰতিহত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল ৷ বিজেপিৰ নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰিছে এই আবেদন ৷ আবেদনখনৰ যুক্তি অনুসৰি কলা যাদু আৰু বলপূৰ্বক ধৰ্মান্তকৰণ সংবিধানৰ অনুচ্ছেদ 14, 21 আৰু 25 ৰ উলংঘন ৷ ধৰ্মান্তকৰণৰ ঘটনা সমূহ পৰীক্ষা কৰাৰ লগতে ধৰ্মান্তকৰণৰ আইন প্ৰণয়ন কৰাৰ বাবে এখন সমিতি প্ৰস্তুত কৰাৰ পোষকতা ৷

bjp leader files plea for prevention of black magic in sc
কলা যাদু আৰু বলপূৰ্বক ধৰ্মান্তকৰণ প্ৰতিহত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

By

Published : Apr 1, 2021, 7:55 PM IST

নেচনেল ডেস্ক, 1 এপ্ৰিল:কলা যাদু আৰু বলপূৰ্বক ধৰ্মান্তকৰণ প্ৰতিহত কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক কিছুমান নিৰ্দেশনা প্ৰস্তুত কৰাৰ আহ্বান জনাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হয় ৷

আবেদনখনে দৰ্শোৱা যুক্তি অনুসৰি কলা যাদু আৰু বলপূৰ্বক ধৰ্মান্তকৰণৰ প্ৰথাই কেৱল সংবিধানৰ অনুচ্ছেদ 14, 21 আৰু 25 ৰ উলংঘন কৰাই নহয় বৰঞ্চ সংবিধানৰ মৌলিক গাঁথনিৰ অন্তৰ্ভুক্ত ধৰ্মনিৰপেক্ষ নীতিকো উলংঘন কৰে ৷

বিজেপিৰ নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰা আবেদনৰ মতে, প্ৰায় প্ৰত্যেক সপ্তাহতে কলা যাদুৰ জড়িয়তে ধৰ্মান্তকৰণৰ ঘটনা সংঘটিত হয় আৰু মহিলাসকলৰ লগতে শিশু, পিছ পৰা শ্ৰেণীৰ নাগৰিক তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল এনে প্ৰথাৰ ভুক্তভোগী হয় ৷

নিৰ্দেশনাত্মক নীতি সমূহ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰলৈ কিছুমান সতৰ্ক নিৰ্দেশনা বুলি আবেদনখনত উল্লেখ থকাৰ লগতে এই কথাও উল্লেখ কৰা হৈছে যে, "অনুচ্ছেদ 15(3) ৰ অধীনত মহিলা আৰু শিশুসকলৰ সুবিধাৰ্থে কেন্দ্ৰই কিছুমান বিশেষ ব্যৱস্থা প্ৰস্তুত কৰিব পাৰে ৷ লগতে অনুচ্ছেদ 25 ৰ আধাৰত বিবেকৰ স্বাধীনতা, মুক্ত বৃত্তি, ধৰ্মৰ অনুশীলন ইত্যাদিবোৰ হৈছে ভাগ-III ৰ ৰাজহুৱা নিৰ্দেশ, নৈতিকতা, স্বাস্থ্য, অন্যান্য ব্যৱস্থাৰ অধীনৰ কিছু বিশেষ ব্যৱস্থা ৷"

আবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে, 46 নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য উভয়েই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোক সকলক শোষণৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত দায়বদ্ধ ৷ অধিবক্তা গৰাকীয়ে আবেদন খনৰ জড়িয়তে ধৰ্মান্তকৰণৰ ঘটনা সমূহ পৰীক্ষা কৰাৰ লগতে ধৰ্মান্তকৰণৰ আইন প্ৰণয়ন কৰাৰ বাবে এখন সমিতি প্ৰস্তুত কৰাৰো পোষকতা কৰে ৷

লগতে পঢ়ক:তেলেংগানাৰ শিক্ষাৰ্থীৰ কানাডাত আত্মহত্যা

ABOUT THE AUTHOR

...view details