নিউজ ডেস্ক, ১৩ জুলাই : কৰ্মসংস্থাপন আৰু শিক্ষক নিযুক্তিৰ বিষয়ক লৈ বৃহস্পতিবাৰে পাটনাত বিজেপিয়ে বিধানসভালৈ এক পদযাত্ৰা অনুষ্ঠিত কৰে । বিজেপিয়ে গান্ধী ময়দানৰ পৰা বিধানসভালৈ পদযাত্ৰা আৰম্ভ কৰাৰ লগে লগে আৰক্ষীয়ে ডাকবাংলো চাৰিআলিত লাঠিচালনা কৰে । যাৰ ফলত সাংসদ জনাৰ্দন সিং চিগ্ৰীৱালকে ধৰি বহুতো নেতা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আনহাতে, এই ঘটনাত এজন বিজেপি কৰ্মীৰ মৃত্যু হয় ।
জানিব পৰা মতে, নিহত বিজেপি নেতাজনৰ নাম হৈছে বিজয় কুমাৰ সিং । তেওঁ জেহানাবাদৰ মহানগৰ বিজেপিৰ সাধাৰণ সম্পাদক আছিল । ইফালে বিজেপি কৰ্মীজনৰ মৃত্যুৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় । এই ঘটনাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সুশীল মোদীকে ধৰি সকলো নেতাই টুইট কৰি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।
উল্লেখ্য যে বিজেপিৰ সমদলটো গান্ধী ময়দানৰ পৰা বিধানসভা মাৰ্গৰ ফালে গৈ আছিল । কিন্তু আৰক্ষীয়ে ডাকবাংলো চাৰিআলিত বিজেপি কৰ্মীসকলৰ এই সমদলটোক বাধা প্ৰদান কৰে । ৰাজ্যখনত সংঘটিত দুৰ্নীতি আৰু শিক্ষকৰ সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিজেপিয়ে এই বিধানসভা সমদলৰ আয়োজন কৰিছিল । তাৰ বাবে গান্ধী ময়দানৰ পৰা হাজাৰ হাজাৰ বিজেপি সদস্য ওলাই আহিছিল ।