নেশ্যনেল ডেস্ক,২৭ জুলাই :উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আন এক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী বিজেপি নেতাৰ নেতৃত্বত প্ৰায় ডেৰ বছৰ ধৰি একেৰাহে এগৰাকী নাবালিকাৰ ওপৰত চলিছিল ধৰ্ষণ । নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে বলপূৰ্বকভাৱে গৰ্ভপাত কৰোৱাৰো অভিযোগ উঠিছে বিজেপি নেতাসহ আন অভিযুক্তৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতা বিজয় গুপ্তাক ।
আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মিশ্ৰাই সংবাদমেলযোগে নাবালিকাগৰাকীৰ ধৰ্ষণৰ বিষয়ে অৱগত কৰিছে । আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণৰ গোচৰটোত বিজেপি নেতাসহ তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত দুজনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।
জিলাখনৰ লালগঞ্জ অঞ্চলত নাবালিকা ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু গৰ্ভপাতৰ গোচৰটোত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণৰ অভিযুক্ত বিজেপি বেকৱাৰ্ড ফ্ৰণ্ট লালগঞ্জ মণ্ডলৰ সভাপতি তথা গাঁওবুঢ়া বিজয় গুপ্তাক তেওঁৰ আন এজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে ।
আচলতে, ডেৰ বছৰ ধৰি ধৰ্ষণ আৰু যৌন উৎপীড়ন চলোৱাৰ পাছত নাবালিকাগৰাকী গৰ্ভৱতীও হৈছিল । কিন্তু অভিযুক্তই গৰ্ভৱতী হোৱাৰ সময়ত নাবালিকাগৰাকীক গৰ্ভপাত কৰোৱাৰ ঔষধ দিছিল । যাৰ ফলত, নাবালিকাগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ।