নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন । ইতিমধ্যে এই নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামিছে শাসক-বিৰোধী । তাৰ মাজতে এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত, বিজেপি আৰু জেডিএছে কৰ্ণাটকৰ বিৰোধী দলৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত একেলগে যুঁজাৰ সিদ্ধান্ত লৈছে । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু জেডিএছৰ মিত্ৰতাৰ সিদ্ধান্তক আদৰণি জনাইছে । তেওঁ কয় যে মিত্ৰজোঁটৰ জৰিয়তে তেওঁলোকে অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব ।
শুকুৰবাৰে বেংগালুৰুৰ ফ্ৰীডম পাৰ্কত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিএছৱায়ে কয় যে দিল্লীত এই সন্দৰ্ভত আলোচনা হৈছে । জেডিএছ নেতা এইচ ডি দেৱগৌড়া আৰু আমাৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিত্ৰতাৰ আলোচনা কৰিছে । দুয়োটা দলৰ নেতাই মিত্ৰতাত সন্মত হৈছে । দলটোৱে জেডিএছক চাৰিখন আসন এৰি দিবলৈ সন্মত হৈছে । গতিকে জেডিএছে ৪ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বিজেপিয়ে ৰাজ্যখনৰ আগন্তুক লোকসভা নিৰ্বাচনত বাকী ২৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
"মই মিত্ৰতাক স্বাগতম জনাইছোঁ । এইটোৱে আমাক অধিক আসন জিকাত সহায় কৰিব । মিত্ৰজোঁটটোৱে ২৫-২৬ খন আসনত জয়লাভ কৰিব বুলি বিশ্বাস আছে ।" য়েদিয়ুৰাপ্পাই কয় ।
আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়েও এই মিত্ৰতাক আদৰণি জনাইছে । "কৰ্ণাটকক বচাবলৈ এটা মিত্ৰতা কৰা হৈছে । বিৰোধীসকল স্বাভাৱিকতে একত্ৰিত হৈছে । ৰাজ্যখন বচাবলৈ একত্ৰিত হোৱাৰ প্ৰয়োজন আছে ।" বোম্মাই কয় ।