আগৰতলা,২৪ ছেপ্টেম্বৰ :ত্ৰিপুৰাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত সংঘাত অব্যাহত আছে (Clashes among political parties in Tripura)। বিভিন্ন স্থানত আকৌ দলীয় সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হোৱা দেখা গৈছে । ইয়াৰ মাজতে আগৰতলাৰ হাপানিয়া অঞ্চলত চাঞ্চল্যকৰ ঘটনা । বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তৰ দলে লণ্ড ভণ্ড কৰিলে অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান (Miscreants vandalized some shop in Hapania)। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন ভাঙি পেলোৱাৰ লগতে দুৰ্বৃত্তৰ দলটোৱে জ্বলাইও দিয়ে । এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । ইফালে বিৰোধীয়ে অভিযোগ কৰা মতে এই ঘটনাত শাসকীয় বিজেপিৰ গুণ্ডা বাহিনী জড়িত আছে ।
শনিবাৰে উক্ত অঞ্চলত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী চিপিআই(এম)ৰ নেতা মানিক সৰকাৰ (Manik Sarkar visits Hapania)। ঘটনাস্থলীত উপস্থিত হৈ মানিক সৰকাৰে অভিযোগ কৰে যে শাসকীয় বিজেপিয়ে অস্তিত্ব ৰক্ষাৰ বাবে সন্ত্ৰাসক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে (BJP backed miscreants vandalized shop in Hapania)। তেওঁ দাবী কৰা মতে বিজেপিয়ে ইতিমধ্যে ৰাজ্যখনত ভেটি হেৰুৱাইছে ।
মানিক সৰকাৰে জনোৱা মতে বৃহস্পতিবাৰে পুৱা উক্ত অঞ্চলটোত চিপিআই(এম) দলে এক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু আৰক্ষীয়ে অনুমতি দিয়া নাছিল । পৰৱৰ্তী সময়ত কাৰ্যালয়ত সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল । লক্ষণীয়ভাৱে একাংশ চিপিআই(এম) নেতাই দলৰ কাৰ্যালয়ৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত বহি আছিল । নেতাকেইগৰাকী তাৰ পৰা আঁতৰি যোৱাৰ পাছত উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানত বিজেপিৰ গুণ্ডা বাহিনীয়ে অগ্নি সংযোগ কৰে বুলি অভিযোগ কৰে মানিক সৰকাৰে (Manik Sarkar slams BJP)।