আগৰতলা, ৭ ফেব্ৰুৱাৰী : গেৰুৱা দলৰ দুই বিধায়কে বিধায়ক পদ এৰি দলটোক শলঠেকত পেলোৱাকলৈ সোমবাৰে, ত্ৰিপুৰা বিজেপিৰ সভাপতি ড৹ মানিক সাহাই (Tripura BJP President Dr Manik Saha) প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া ৷ তেওঁ দাবী কৰে যে, গেৰুৱা দলৰ দুজন বিধায়কৰ পদত্যাগক লৈ চিন্তিত নহয় দলটো (Tripura BJP is not worried about MLAs resigning) ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ পুনৰ কয়, "ত্ৰিপুৰাত বিজেপিৰ দুজন বিধায়কৰ পদত্যাগক লৈ শাসকীয় দলটো একেবাৰে চিন্তিত নহয় । গণতান্ত্ৰিক ব্যৱস্থা অনুসৰি তেওঁলোকৰ বিধায়কপদৰ পৰা পদত্যাগ কৰাৰ অধিকাৰ আছে। অৱশ্যে, ই ৰাজ্যিক বিজেপিক প্ৰভাৱিত নকৰিব"।
সাহাই লগতে কয় যে, তেওঁলোকে আগতীয়াকৈ অৱগত আছিল যে সুদীপ আৰু আশীষে দল আৰু বিধায়ক পদ ত্যাগ কৰিব ৷ সেই অনুসৰি বিজেপিও ইয়াৰ বাবে সাজু আছিল বুলিও মন্তব্য কৰিছে তেওঁ (BJP MLAs in Tripura resigns from MLAship ) । তেওঁৰ মতে, গণতান্ত্ৰিক ব্যৱস্থা অনুসৰি দল আৰু বিধায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ অধিকাৰ সকলোৰে আছে ।