আগৰতলা,1 এপ্ৰিল:বিজেপি-আইপিএফটিৰমিত্ৰতাত বিশ্বাস প্ৰদৰ্শন কৰিত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বৃহস্পতিবাৰে কয় যে, শাসনাধিষ্ঠ মিত্ৰতাই ডিষ্ট্ৰিক্ট কাউঞ্চিলৰ সকলো আসনত অনায়াসে জয়লাভ কৰিব ৷ কেডাৰ ব্যৱসায়ৰ দিন গ'ল বুলি মন্তব্য কৰি দেৱে লগতে কয় যে, "শাসনত অধিষ্ঠিত বিজেপিয়ে ত্ৰিপুৰাৰ ৰাইজক 'তলাবাজি' ৰাজৰ পৰা মুক্ত কৰাৰ লগতে কেডাৰৰ ভয়ক অস্বীকাৰ কৰি মুক্তভাৱে উশাহ ল'ব পৰা সুবিধা কৰি দিছে" ৷
বৰ্তমান দলে টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল) ৰ পৰা চিপিআইএমক আঁতৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি দেৱে লগতে এইবুলিও কয় যে, অতি কম দিনৰ ভিতৰতে টিটিএএডিচি চিপিএম মুক্ত বুলি ঘোষিত হ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে দলে এই উদ্দেশ্যে কাম কৰি আছে বুলি জানিবলৈ দি দেৱে কয় যে, বিজেপি-আইপিএফটিৰমিত্ৰতাই 28 খনৰ ভিতৰত 28 খন আসনেই লাভ কৰি বিজয় সুনিশ্চিত কৰিব ৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ তেওঁলোকৰ ফালৰ পৰা উপহাৰ বুলিও দেৱে মন্তব্য কৰে ৷