নিউজ ডেস্ক, ৪নৱেম্বৰ : ছত্তীশগড় বিধানসভা নিৰ্বাচন সমাগত । তাৰ বাবে এতিয়া ৰাজ্যখনত সকলো ৰাজনৈতিক দলেই প্ৰচাৰ কাৰ্যত উঠি-পৰি লাগিছে । উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক বাতাৱৰণ । উল্লেখ্য যে ৰাজ্যখনৰ বস্তাৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ৰ ২০ খন আসনৰ বাবে সকলো ৰাজনৈতিক দলেই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । বিজেপি আৰু কংগ্ৰেছ নেতাসকলে নিৰন্তৰ বস্তাৰত উপস্থিত হৈ প্ৰচাৰ চলাই আছে । তাৰেই অংশ হিচাপে ৰাহুল গান্ধীও শনিবাৰে জগদলপুৰত উপস্থিত হয় । তাত ৰাহুল গান্ধীয়ে জনজাতীয়, দলিত, দৰিদ্ৰ লোক সন্দৰ্ভত বিজেপিক তীব্ৰ আক্ৰমণ কৰে ।
জগদলপুৰত ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে জনজাতীয় লোকসকলক আদিবাসীৰ পৰিৱৰ্তে 'বনবাসী' বুলি মাতে । এয়া জনজাতীয় লোকসকলৰ বাবে অপমানজনক কথা । বিজেপিৰ এগৰাকী নেতাই মধ্যপ্ৰদেশৰ এগৰাকী জনজাতীয় লোকৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল । বিজেপিয়ে জনজাতীয় লোকসকলৰ পানী, বন আৰু ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰে । কংগ্ৰেছে জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ ঘূৰাই পোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে । মোদীৰ আটাইতকৈ ডাঙৰ বন্ধু হৈছে আদানি । তেওঁৰ প্ৰকল্প কংগ্ৰেছে ইয়াত বাতিল কৰিছে । কংগ্ৰেছে জনজাতীয় লোকসকলক সন্মান জনাই এইটো কৰিছে ।
"আমি জনজাতীয় লোকসকলৰ ভূমি পুনৰ ঘূৰাই দিছোঁ, জনজাতীয় লোকসকলক পানী, বন আৰু ভূমিৰ অধিকাৰ দিছোঁ ।" ৰাহুল গান্ধীয়ে কয় ।