আগৰতলা, 2 ডিচেম্বৰ :ত্ৰিপুৰাৰ শেহতীয়া পৌৰ নিগমৰ নিৰ্বাচন(Civic body election in Tripura)ত দলৰ বিজয় উদযাপন কৰিবলৈ বৃহস্পতিবাৰে হাজাৰৰো অধিক বিজেপি সমৰ্থক, কৰ্মী তথা নেতা আগৰতলাৰ ৰাজপথলৈ ওলাই আহিল ৷ এই নিৰ্বাচনত দলটোৱে ৰাজ্যজুৰি প্ৰায় ৯৯ শতাংশ আসন লাভ কৰিছিল । বৃহস্পতিবাৰে আবেলি কৃষ্ণনগৰত থকা বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ড৹ মানিক সাহা( Tripura state BJP president Dr Manik Saha)ৰ নেতৃত্বত এক বিশাল সমদল উলিওৱা হয় ৷
সমদল আন নেতাসকলৰ লগতে আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)ৰ নৱ নিৰ্বাচিত সকলো সদস্যও উপস্থিত আছিল । সমৰ্থকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক প্ৰশংসা কৰি শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপিৰ ৰাজ্যিক সভাপতি ড৹ মানিক সাহাই কয় যে, এয়া ত্ৰিপুৰাৰ জনসাধাৰণৰ বিজয় । তেওঁ কয়, " শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত, 334 খন আসনৰ ভিতৰত, আমি 329 খন আসন লাভ কৰিছো । আপুনি কল্পনা কৰিব পাৰে যে ৰাজ্যখনৰ মানুহে বিজেপিক কিমান সমৰ্থন কৰিছে । আজি আগৰতলা পৌৰ নিগমৰ পৰা ৫১ জন নিৰ্বাচিত সদস্যৰ সৈতে আমি বিজয়ৰ আনন্দ উদযাপন কৰি আছো " ৷