অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপিয়ে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে : AITC - ত্ৰিপুৰাত বিজেপি কৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ

পুনৰায় ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (AITC workers attacked in Tripura) ৰ একাংশ নেতা-কৰ্মীক আক্ৰমণ ৷ বিজেপি সমৰ্থিত একাংশ দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ ৷ ঘটনাৰ ন্যায় দাবী দলটোৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকৰ ৷

bjp-has-crossed-all-limits-of-cruelty-in-tripura-says-trinamool
ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ

By

Published : Feb 24, 2022, 9:08 PM IST

আগৰতলা, 24 ফেব্ৰুৱাৰী :পুনৰায় ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (AITC Tripura) ৰ একাংশ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ দলটোৰ ত্ৰিপুৰাৰ আহ্বায়ক সুবল ভৌমিকে বৃহস্পতিবাৰে এখন বৈঠকত অংশগ্ৰহণ কৰি কয় যে, জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে সদায় সষ্টম হৈ থকা তৃণমূল কংগ্ৰেছৰ দলীয় কৰ্মীসকলক আক্ৰমণ কৰি ত্ৰিপুৰাৰ বিজেপি চৰকাৰে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰিছে (AITC workers attacked in Tripura) ।

ভৌমিকে বৃহস্পতিবাৰে অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে এই ঘটনাৰ গৰিহণা প্ৰদান কৰে ৷ নেতাজনে একপ্ৰকাৰ সতৰ্ক কৰি দি কয় যে, যদি অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়, তেন্তে দলটোৱে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷

ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ কৰ্মীক আক্ৰমণ

বুধবাৰে একাংশ বিজেপি কৰ্মীয়ে ৰাজ্যখনৰ অনুসূচীত জাতিৰ অধিকাৰৰ বাবে আয়োজিত এক গণ প্ৰতিনিধিত্ব কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সন্তিৰ বজাৰ অঞ্চলত এআইটিচি কৰ্মীসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত (BJP-backed thugs allegedly assaulted AITC Tripura workers) হয় ।

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ দলটোৱে শান্তিপূৰ্ণভাৱে এই কাৰ্যসূচী পৰিচালনা কৰিছিল । তথাপিও আৰক্ষী বিষয়া আৰু ৰাজ্যিক প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত দলীয় কৰ্মীসকলক বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

এই আক্ৰমণৰ ঘটনাত দলটোৰ বহু কেইগৰাকী কৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চাৰিগৰাকী কৰ্মীক তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হৈছিল । এই কৰ্মীসকলক আৰক্ষীৰ নেতৃত্বতে আক্ৰমণ কৰা বুলিও অভিযোগ উঠিছে ৷ "আমি আৰক্ষী-প্ৰশাসনক আইন অনুসৰি এই ঘটনাত জড়িত অভিযুক্তসকলক শাস্তি দিবলৈ দাবী জনাইছো, নহ'লে আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম" বুলি এআইটিচিৰ ৰাজ্যিক আহ্বায়ক সুবল ভৌমিকে দাবী কৰে ।

এই হিংসাত্মক ঘটনাত ৰাজ্যখনৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ উচ্চতম ন্যায়ালয় কোষৰ সদস্য দীপাংকৰ বৰ্ধন আৰু আন তিনিজন দলীয় কৰ্মী গুৰুতৰভাৱে আহত হৈছিল । বৰ্ধনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

বিগত কেইমাহমানত এআইটিচিৰ বহুসংখ্যক কৰ্মী-নেতাক বিজেপি সমৰ্থিত একাংশ দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ যাৰ ফলত দলটোৰ বহু কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।

লগতে চাওক:চিপিআই(এম)ৰ বিৰুদ্ধে ত্ৰিপুৰাত বিজেপিৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details