নিউজ ডেস্ক, 8 ডিচেম্বৰ:গুজৰাটত বিজেপিয়ে বৃহস্পতিবাৰে 156 খন আসনৰ সৈতে বিজয়ৰ এক নতুন অভিলেখ গঢ়ে । এই ঐতিহাসিক বিজয়ৰ পিছত এইবাৰ দলটো সাজু হৈছে শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে ভূপেন্দ্ৰ পেটেলে পুনৰ শপত ল’ব (Bhupendra Patel to take oath as CM on December 12) ৷ নতুন মুখ্যমন্ত্ৰীয়ে ১২ ডিচেম্বৰত গান্ধীনগৰৰ বিধানসভাৰ পিছফালে থকা হেলিপেড খেলপথাৰত শপতগ্ৰহণ কৰিব ।
বিজেপিৰ শপতগ্ৰহণ অনুষ্ঠান মহা সমাৰোহেৰে আয়োজন কৰা কথা জানিব পৰা হৈছে ৷ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ৷
আনহাতে আজি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ বিজেপি কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰে ৷ উল্লেখ্য যে, গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল- ভূপেন্দ্ৰই নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব । তাৎপৰ্যপূৰ্ণভাৱে নিৰ্বাচনৰ ফলাফলেও ঠিক এইটোৱেই প্ৰমাণিত কৰিছিল ৷
ইফালে বিজেপিয়ে ৰাজ্যখনত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত দলটোৰ নেতা-কৰ্মীসকল আনন্দ উল্লাসত মত্ত হৈ পৰিছে ৷ বিজেপিয়ে 156 খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 17 খন আসনত ৷ আনহাতে আপে জয়লাভ কৰিছে 5 খন আসনত আৰু অন্যান্য দলৰ 4 জন প্ৰাৰ্থী জয়ী হৈছে গুজৰাটত(Gujarat election results) ৷
লগতে পঢ়ক:Gujarat poll results: গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা বিজেপিৰ