নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে কাগজ ফাদিল (পেপাৰ লিক) ডাঙৰ বিষয় হৈ পোহৰলৈ আহিছে । এই বিষয়ত যুৱক-যুৱতীসকলক সংগঠিত কৰাত বিজেপিও সফল হৈছে । মুখ্যমন্ত্ৰী ভজন লালৰ নিৰ্দেশ অনুসৰি কাগজ ফাদিল আৰু সংগঠিত অপৰাধ সন্দৰ্ভত এখন সমিতি আৰু টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ডিজিপি উমেশ মিশ্ৰই আদেশ জাৰি কৰি কাগজ ফাদিলৰ গোচৰৰ তদন্তৰ বাবে SIT গঠনৰ বিষয়ে অৱগত কৰে । একে সময়তে সংগঠিত অপৰাধ বন্ধ কৰিবলৈ এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে । কাগজ ফাদিলৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে ADG ভি কে সিঙক । আনহাতে, ADG দীনেশ এম এনক এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চৰ দায়িত্ব দিয়া হৈছে ।
SIT গঠন :ৰাজস্থানত বিগত পাঁচ বছৰত কাগজ ফাদিলৰ গোচৰত দোষীসকলৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইয়াৰ বাবে আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে ।
শুকুৰবাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই দিয়া নিৰ্দেশনা অনুসৰি গৃহ বিভাগে আৰক্ষী সঞ্চালক প্ৰধানক এক নিৰ্দেশ জাৰি কৰিছিল । এই দল গঠনৰ লগে লগে প্ৰতিটো গোচৰৰ পুংখানুপুংখ তদন্ত হ’ব, যাৰ ফলত ভৱিষ্যতে এনেধৰণৰ গোচৰ ৰোধ হ’ব ।