অসম

assam

ETV Bharat / bharat

শ্বহীদ জোৱানৰ মাতৃক জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদান - উত্তৰ প্ৰদেশৰ জিলা পঞ্চায়ত নিৰ্বাচন

যোৱাটো বৰ্ষৰ ১৭ আগষ্টত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ জোৱানৰ মাতৃ ৰেখা সিঙক আগন্তুক উত্তৰ প্ৰদেশৰ জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ ।

শ্বহীদ জোৱানৰ মাতৃক জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদান
শ্বহীদ জোৱানৰ মাতৃক জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদান

By

Published : Apr 10, 2021, 9:04 PM IST

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: বিগত বৰ্ষৰ ১৭ আগষ্টত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ হয় উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ৰবি সিং । শ্বহীদ জোৱানজনৰ মাতৃ ৰেখা সিঙক আগন্তুক জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে । আগন্তুক জিলা পঞ্চায়ত নিৰ্বাচন ৰেখা সিঙে চানভে খণ্ডৰ ৱাৰ্ড নং ৩ ৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই বিষয়ে উত্তৰ প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি স্বতন্ত্ৰ দেৱ সিঙে যোৱা ৭ এপ্ৰিলত প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰে ।

শ্বহীদ জোৱানৰ মাতৃক জিলা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদান

প্ৰকাশিত তালিকা অনুসৰি, অহা ২৬ এপ্ৰিলত আগন্তুক জিলা পঞ্চায়ত নিৰ্বাচনৰ বাবে ৪৪ গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ বাবে বিজেপিয়ে ৪৪ খন আসনত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । এই সন্দৰ্ভত শ্বহীদ জোৱান ৰবি সিঙৰ পিতৃ-মাতৃয়ে বিজেপিৰ নিৰ্বাচনী টিকটে পৰিয়ালটোক তেওঁলোকৰ পুত্ৰৰ স্থানীয় অঞ্চলৰ বাবে যি উন্নয়নৰ সপোন আছিল সেয়া পূৰণ কৰিবলৈ এই টিকটৰ যোগেদি উৎসাহিত কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । লগতে বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰদান কৰি পৰিয়ালটোক সন্মান জনাইছে বুলিও কয় ।

লগতে পঢ়ক: প্ৰিন্স ফিলিপ: ভাৰত ভ্ৰমণ আৰু বিতৰ্ক

ABOUT THE AUTHOR

...view details