আগৰতলা, ২৭ মে' :অহা ২৩ জুনত ত্ৰিপুৰাৰ ৪ টা বিধানসভা সমষ্টিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া সকলো ৰাজনৈতিক দলে সমষ্টিবোৰত প্ৰচাৰ আৰম্ভ কৰিছে । দলীয় ভেটি শক্তিশালী কৰাৰ লগতে ভোটাৰৰ মন জয় কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে দলসমূহে । সমষ্টি কেইটাত তৃণমূল কংগ্ৰেছ দলেও আৰম্ভ কৰিছে ৰাজনৈতিক প্ৰচাৰ ।
সমষ্টি কেইটাৰ অন্যতম সুৰমাত বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে এখন সাংগঠনিক সভাৰ আয়োজন কৰে (Organizational meeting of TMC at Surma)। এই সভাত ত্ৰিপুৰা ৰাজ্যিক তৃণমূলৰ সভাপতি সুবল ভৌমিক, মূল সমিতিৰ সদস্য সুস্মিতা দেৱ আৰু আন আন নেতাসকল উপস্থিত থাকে ।
তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ অভিযোগ প্ৰায় চাৰে চাৰি বছৰত বিজেপি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে (Sushmita Dev criticizes BJP)। তেওঁ ৰাইজক প্ৰশ্ন কৰে যে উক্ত সময়চোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজক কি দিছে ? এই সময়চোৱাত ত্ৰিপুৰাৰ সাধাৰণ মানুহে কি পাইছে ? পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে কৈছিল মিছকল দিলেই চাকৰি দিব, ৰাস্তা হ'ব, স্মাৰ্ট চিটি হ'ব । কিন্তু যোৱা সময়চোৱাত একোৱে হোৱা নাই বুলি তেওঁ অভিযোগ কৰে ।