অসম

assam

ETV Bharat / bharat

ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী - বিজয় ৰুপানী

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা ৷ গুজৰাটৰ ঘাটলোডিয়া(Ghatlodia) বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন্দ্ৰ পেটেল হ'ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলীয় বৈঠকত সৰ্বসন্মতিক্ৰমে নিৰ্ধাৰণ কৰা হয় ভূপেন্দ্ৰ পেটেলৰ নাম ৷

BJP elects Bhupendra Patel as Chief Minister of Gujarat
ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

By

Published : Sep 12, 2021, 5:21 PM IST

নেশ্যনেল ডেস্ক , 12 ছেপ্তেম্বৰ :শনিবাৰে বিজয় ৰুপানীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাচত দেওবাৰে বিজেপি নেতা ভূপেন্দ্ৰ পেটেলক গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল গুজৰাটৰ ঘাটলোডিয়া(Ghatlodia) বিধানসভা সমষ্টিৰ বিধায়ক ৷

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় কমলাম(Kamalam)ত বিজেপিৰ সকলো বিধায়কৰ উপস্থিতিত আবেলি ৩ বজাত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নাম সৰ্বসন্মতিক্ৰমে নিৰ্ধাৰণ কৰা হয় ৷ অতি শীঘ্ৰে নতুন নেতাজনে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী কৰিব বুলি জানিব পৰা গৈছে ৷

নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ টোমৰ আৰু প্ৰহ্লাদ যোশীক বিজেপিয়ে বিধায়িনী দলৰ বৈঠকৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পন কৰিছিল ৷ দেওবাৰে গুজৰাটত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীকেইগৰাকীয়ে ৰাজ্যিক বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ আৰু বিজেপিৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠক অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক :কোন হ'ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

উল্লেখ্য যে, গুজৰাটৰ উপ মুখ্যমন্ত্ৰী নিতীন পেটেল(Gujarat Deputy Chief Minister Nitin Patel)ৰ লগতে ৰাজ্যৰ কৃষি মন্ত্ৰী আৰ.চি ফালডু(R.C. Faldu), কেন্দ্ৰীয় মন্ত্ৰী পুৰোষোত্তম ৰূপালা(Purshottam Rupala) আৰু মনসুখ মাণ্ডৱিয়া(Mansukh Mandaviya) মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ আছিল ৷

লক্ষদ্বীপ, ডাডৰা আৰু নগৰ হাভেলি আৰু ডমন আৰু ডিউৰ প্ৰশাসক প্ৰফুল খোদা পেটেল(Praful Khoda Patel)ৰ নামো শীৰ্ষ দাবীদাৰ সকলৰ তালিকাত সন্নিৱিষ্ট আছিল ৷ ২০১৭ চনৰ ডিচেম্বৰত মুখ্যমন্ত্ৰী ৰূপানীয়ে (৬৫) গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

মন কৰিবলগীয়া যে, 2017 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এবছৰ পূৰ্বে আনন্দীবেন পেটেলক তেওঁৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীত্বৰ আসনৰ পৰা আঁতৰাই বিজয় ৰূপানীক উক্ত দায়িত্বভাৰ দিয়া হৈছিল ৷ এতিয়া 2022 চনৰ নিৰ্বাচনৰ পূৰ্বে ৰূপানীৰ পদত্যাগে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আনন্দীবেন পেটেলৰ দৰে বিজয় ৰূপানীকো দায়িত্বৰ পৰা অব্যাহতি দিয় হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ সেই অনুসৰি 2022 চনৰ বিধানসভা নিৰ্বাচন(2022 state elections)ত পেটেলে দলটোক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ

ABOUT THE AUTHOR

...view details