আগৰতলা, 20 ফেব্ৰুৱাৰী:সমাগত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শাসনাধীষ্ঠ বিজেপিয়ে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা উপযুক্ত সুৰক্ষাৰ দাবী উত্থাপন কৰিছে ৷ টিটিএএডিচি ৰ নিৰ্বাচন যাতে সুকলমে পাৰ পাৰ হৈ যায় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে স্পৰ্শকাতৰ হিচাপে বিবেচিত হ'ব পৰা নিৰ্বাচন কেন্দ্ৰ সমূহত উপযুক্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনাইছে ৷
সংবাদমাধ্যমক উদ্দেশ্যি ত্ৰিপুৰা বিজেপিৰ উপ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে, আগন্তুক নিৰ্বাচনৰ কাৰ্যসূচী চূড়ান্ত কৰোতে কিছুমান ধৰ্মীয় উৎসৱৰ কথা বিবেচনা কৰাৰ বাবে এক প্ৰস্তাৱ জনোৱা হৈছে লগতে নিৰ্বাচনৰ বাবে যাতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ উদ্ভৱ নহয়, সেয়ে পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোৰ উপৰতো আলোকপাত কৰা হৈছে ৷