আগৰতলা, ৯ নৱেম্বৰ :ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে চিপিআইএম আৰু বিজেপিৰ মাজত তীব্ৰ সংঘাত অব্যাহত আছে । নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ধৰণে বিজেপিয়ে বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰাৰ অভিযোগ তুলিছে । প্ৰেছ বিবৃতিযোগে চিপিআইৰ(এম) পশ্চিম জিলা সমিতিয়ে অভিযোগ কৰা মতে বিজেপিৰ কিছু প্ৰভাৱশালী নেতা আৰু মন্ত্ৰীৰ নিৰ্দেশত দুৰ্বৃত্তই বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ।
বাওঁমৰ্চাৰ একাংশ প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ কৰাৰো অভিযোগ তুলিছে । অভিযোগ অনুসৰি ৪৮ নং ৱাৰ্ডৰ বাওঁমৰ্চাৰ প্ৰাৰ্থীৰ প্ৰস্তাৱক নিবিৰ চক্ৰৱৰ্তীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে তেওঁক আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নেতাগৰাকী । তেওঁক সোমবাৰে নিশাই চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে ।
বাওঁমৰ্চাৰ বহুতো প্ৰাৰ্থীক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰিলে ভয়ানক পৰিণামৰ সন্মুখীন হ'ব বুলি ভাবুকি দিয়া হৈছে । চিপিআই(এম) দলটোৱে লগতে কয় যে তেতিয়াও বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলে গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আঁতৰি অহা নাই ।
অৱশ্যে শেষত বিজেপি সমৰ্থিত দুৰ্বৃত্তৰ ভয়ত ১৪, ১৫, ১৬ আৰু ৪৩ নং ৱাৰ্ডত বাওঁমৰ্চাৰ প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় । ইয়াৰ পূৰ্বে ২০ নং ৱাৰ্ডত থকা বাওঁমৰ্চাৰ প্ৰাৰ্থীয়েও প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল । চিপিআইৰ (এম) পশ্চিম ত্ৰিপুৰা জিলা সচিবালয় সংস্থাই বিজেপিৰ গণতান্ত্ৰিক বিৰোধী কাৰ্য-কলাপক তীব্ৰ গৰিহণা দিয়ে ।