নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী :সমাগত লোকসভা নিৰ্বাচন আৰু তাৰ প্ৰাকক্ষণত উত্তৰ-পূৱৰ তিনিখনকৈ ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (NE 3 states election)। সেয়ে ইতিমধ্যে নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে । বিজেপি দলৰ এতিয়া লক্ষ্য উত্তৰ-পূৱৰ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন ।
তিনিওখন ৰাজ্যতে বিজেপি দলে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে । যাৰ বাবে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিবলৈ ৰাজ্যকেইখনৰ স্থানীয় নেতাসকলক শীৰ্ষ নেতৃত্বই নিৰ্দেশ দিছে । নিৰ্বাচনী দিশটো পৰ্যালোচনাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত বাহৰ পাতি আছে উত্তৰ-পূৱৰ কেইবাগৰাকী নেতা ।
উল্লেখ্য যে তিনিওখন ৰাজ্যতে ফেব্ৰুৱাৰী-মাৰ্চৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ'ব । যদিও ত্ৰিপুৰা বিজেপিৰ হাতত আছে । কিন্তু মেঘালয় আৰু নাগালেণ্ডত শাসকীয় মিত্ৰজোঁটৰ অংশ বিজেপি দল ।
নিৰ্বাচন সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে ত্ৰিপুৰাত ক্ষমতা বজাই ৰাখিব পাৰিব বুলি তেওঁলোক নিশ্চিত (Tripura election 2023)। ত্ৰিপুৰাৰ ৰাইজে বিজেপিক পুনৰ শাসনৰ গাদীত বহুৱাব বুলিও তেওঁ একপ্ৰকাৰ নিশ্চিত ।
বিৰোধীৰ স্থিতি সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ মাজৰ যিকোনো সম্ভাৱ্য মিত্ৰতাই ত্ৰিপুৰাত কাম নকৰে । তেওঁৰ মতে চিপিএম আৰু কংগ্ৰেছৰ নেতাসকলৰ বিষয়ে জনসাধাৰণ অৱগত (Tripura BJP slams oppositions)। তেওঁ অভিযোগ কৰা মতে বাওঁপন্থী দল আৰু কংগ্ৰেছে ৰাজ্যখনত শাসন চলোৱাৰ সময়ত জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল ।
ইফালে ত্ৰিপুৰা বিধানসভাত মুঠ ৬০ খন আসন আছে (Tripura total assembly seats)। ইয়াৰ ভিতৰত ২০ খন আসন জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৩৬ খন, ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰাই (IPFT) ৮ খন আৰু চিপিআইএম দলে ১৬ খন আসন লাভ কৰিছিল । বিজেপি মেঘালয়ৰ সভাপতি আৰ্নেষ্ট মাৱৰিয়েও একেটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইবাৰ নিশ্চিতভাৱে মেঘালয়ত বিজেপিয়ে চৰকাৰ গঠন কৰিব (Meghalaya election 2023)।