আগৰতলা,৩ জুন :অহা ২৩ জুনত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। ৪ খন আসনত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে বিভিন্ন দলৰ নেতাসকলৰ মাজতো নিৰ্বাচনকেন্দ্ৰিক বাকযুদ্ধ আৰম্ভ হৈছে । ইয়াৰ মাজতে বিৰোধী চিপিআই(এম) দলৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ।
দলটোৱে অভিযোগ কৰা মতে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিজেপি সমৰ্থিত একাংশ দুৰ্বৃত্তই হিংসাত্মক ঘটনা সংঘটিত কৰিছে (BJP conducts violent activities in Tripura )। সংবাদমেল সম্বোধন কৰি চিপিআইএমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে এই অভিযোগ উত্থাপন কৰে (CPIM leader Jitendra Choudhury criticized BJP)। তেওঁ অভিযোগ কৰা মতে শেহতীয়াকৈ বিজেপি সমৰ্থিত দুৰ্বৃত্তই চিপিআইএম দলৰ কৰ্মী, নেতাসকলক আক্ৰমণ কৰিছে ।
কেৱল এয়াই নহয় চিপিআই(এম)ৰ কৰ্মীসকলৰ পৰিয়ালকো ভয় ভাবুকি দিছে বিজেপিৰ সমৰ্থিত দুৰ্বৃত্তই । এই সমগ্ৰ ঘটনা সম্পৰ্কে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াক লিখিতভাৱে জনাইছে চিপিআইএম দলে । চিপিআইএমৰ নেতাগৰাকীয়ে নিৰ্বাচনী বিষয়াগৰাকীলৈ লিখিছিল যে ২৭ মে'ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত বিজেপিৰ বাহিৰে বাকী সকলো দলে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । কিয়নো ৰাজ্যখনত বাইক লৈ অহা একাংশ দুৰ্বৃত্তই হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে (BJP backed miscreants carry out terror in Tripura)।