অসম

assam

ETV Bharat / bharat

৩ ৰাজ্যত মুখ্যমন্ত্ৰী বাছনিৰ বাবে পৰ্যবেক্ষক নিযুক্তি, সৰ্বানন্দ সোণোৱালক ছত্তীশগড়ৰ দায়িত্ব - MP new CM

নিৰ্বাচনৰ ফলাফলৰ ৫ দিন অতিক্ৰম কৰিলে । এতিয়াও ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰী বাছনি কৰা হোৱা নাই । শীৰ্ষ নেতাসকল সংসদৰ অধিবেশনত ব্যস্ত হৈ থকাৰ বাবেই বিজেপিয়ে নতুন মুখ্যমন্ত্ৰীসকলৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱাত সময় লৈছে ।

New CMs for 3 Hindi states
৩ ৰাজ্যত মুখ্যমন্ত্ৰী বাছনিত পলম বিজেপিৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:47 PM IST

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত এতিয়াও মুখ্যমন্ত্ৰী বাছনিক লৈ বিভিন্ন জল্পনা-কল্পনা অব্যাহত আছে । বিজেপিয়ে মুখ্যমন্ত্ৰীৰ বাছনিত পলম কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াও অব্যাহত আছে । ইয়াৰ মাজতে দলটোৱে বিধায়িনী দলসমূহৰ বৈঠক তদাৰক কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিছে ।

কেন্দ্ৰীয় পৰ্যবেক্ষকত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্থান পাইছে । বিজেপি দলে প্ৰকাশ কৰা পৰ্যবেক্ষকৰ তালিকা অনুসৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদেক ৰাজস্থানৰ বাবে নিযুক্তি দিয়া হৈছে । মধ্য প্ৰদেশৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, অ'বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ড০ কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সম্পাদক আশা লাকৰাক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

একেদৰে ছত্তীশগড়ৰ বাবে কেন্দ্ৰীয় জনজাতীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতমক পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে।

পৰ্যবেক্ষকসকলে বিজেপি বিধায়িনী দলৰ বৈঠকৰ আহ্বান কৰিব আৰু ৩ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক বাছনি কৰিব । যোৱা ৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল । বিজেপিয়ে মধ্যপ্ৰদেশত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছৰ পৰা ৰাজস্থান আৰু ছত্তীশগড় কাঢ়ি আনিছিল ।

ইফালে ফলাফলৰ ৫ দিনৰ পাছতো হিন্দীবলয় ৰাজ্যকেইখনত মুখ্যমন্ত্ৰী প্ৰাৰ্থী বাছনি কৰাৰ বাবে দলৰ শীৰ্ষ নেতাসকলৰ মাজত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে । গেৰুৱা দলটোৱে অহা বছৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব । লোকসভা নিৰ্বাচনত নতুন মুখ্যমন্ত্ৰীসকলে কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব তাক বিবেচনা কৰিহে দলে নামবোৰ চূড়ান্ত কৰিব । আনহাতে ৰাজ্যকেইখনত বিজেপিয়ে মুখ্যমন্ত্ৰী বাছনিত পলম কৰাৰ বাবে কংগ্ৰেছে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ।

ইফালে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে মুখ্যমন্ত্ৰীৰ দৌৰত সন্মুখৰ পৰা প্ৰতিদ্বন্দিতা কৰা দেখা গৈছে । তেওঁ দিল্লীত বাহৰ পাতি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰিছে । সূত্ৰৰ মতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ আন প্ৰতিদ্বন্দীসকল হৈছে মহত বালক নাথ, দীয়া কুমাৰী আৰু ৰাজ্যবৰ্ধন সিং ৰাঠৌৰ ।

আনহাতে মুখ্যমন্ত্ৰীৰ বাছনিক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বও যথেষ্ট ব্যস্ত হৈ পৰিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দিল্লীত থকা বাসগৃহত সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাৰ মাজত কি কি বিষয়ক লৈ আলোচনা হৈছিল সেয়া অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই । অৱশ্যে, বিজেপিৰ একাংশ নেতাই কোৱা মতে চলিত সংসদৰ শীতকালীন অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব । সূত্ৰৰ মতে দুইৰ পৰা তিনি দিনৰ ভিতৰতে তিনিওখন ৰাজ্যতে বিজেপিৰ মুখ্যমন্ত্ৰীসকলৰ নাম স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :৩ ৰাজ্যত মুখ্যমন্ত্ৰীৰ বাছনিক লৈ দোমোজাত বিজেপি

ABOUT THE AUTHOR

...view details