অসম

assam

ETV Bharat / bharat

সংসদৰ নিৰাপত্তা উলংঘনৰ সৈতে কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপিৰ ! - বিজেপিৰ সাংসদ প্ৰতাপ সিম্হা

সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক লৈ উত্তাল হৈ আছে দেশ ৷ ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া এই ঘটনাক লৈ সৃষ্টি হৈছে বোকা ছটিওৱা ৰাজনীতি ৷ ইণ্ডি মিত্ৰজোঁটে বিজেপিৰ সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ পাচতেই এইবাৰ সংসদৰ নিৰাপত্তা উলংঘনৰে কংগ্ৰেছ-কমিউনিষ্ট জড়িত থকাৰ অভিযোগ বিজেপিৰ ৷

Parliament attack
সংসদৰ নিৰাপত্তা উলংঘনৰ সৈতে কংগ্ৰেছ জড়িত থকাৰ অভিযোগ বিজেপি

By ANI

Published : Dec 14, 2023, 2:35 PM IST

Updated : Dec 14, 2023, 3:00 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ:সংসদৰ নিৰাপত্তা উলংঘনৰ সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত থকাৰ সময়তে এই কাণ্ড ৰাজনৈতিক ক্ষেত্ৰখনৰো কেন্দ্ৰবিন্দু হৈ পৰিছে । ইণ্ডি মিত্ৰজোঁটে বিজেপিৰ সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰা সময়তে ভাৰতীয় জনতা পাৰ্টিৰ নেতা অমিত মালব্যই দাবী কৰে যে সংসদৰ নিৰাপত্তা ভংগ কংগ্ৰেছ-কমিউনিষ্টৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত ৷

বিজেপি নেতাগৰাকীয়ে X ত টুইট কৰি কয়, এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ই স্পষ্ট হৈ পৰিছে যে সংসদৰ নিৰাপত্তা ভংগ কৰাসকলৰ ডি এন এ কংগ্ৰেছ-কমিউনিষ্টৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰু পূৰ্বে আয়োজিত প্ৰতিবাদত তেওঁলোক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ৷

ইফালে কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে ভাৰত মিত্ৰজোঁটৰ হৈ X ত টুইট কৰি বুধবাৰে সংসদত সংঘটিত হোৱা অতি গুৰুতৰ আৰু বিপজ্জনক নিৰাপত্তাজনিত ত্ৰুটি সন্দৰ্ভত উভয় সদনত গৃহমন্ত্ৰীয়ে বিতংভাৱে বক্তব্য দিয়াৰ লগতে ইয়াৰ ওপৰত আলোচনা কৰাৰ দাবী জনায় ৷ তেওঁ লগতে অনুপ্ৰৱেশকাৰীক ভিজিটৰ পাছ প্ৰদান কৰা বিজেপি সাংসদ প্ৰতাপ সিম্হাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায় ৷ কিন্তু মোদী চৰকাৰে মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে আজি পুৱা লোকসভা আৰু ৰাজ্যসভাৰ কার্যসূচী স্থগিত ৰখা হয় বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে X ত উল্লেখ কৰে ৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও এই সমগ্ৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ সদনৰ নিৰাপত্তাৰ দায়িত্ব লোকসভা সচিবালয়ৰ বুলি উল্লেখ কৰি সচিবালয়ৰ বিষয়ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ তেওঁ লগতে এই বিষয়ত পুনৰ আলোচনা কৰাৰ কথা উল্লেখ কৰে ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও জনতাক ভ্ৰমণ পাছ প্ৰদান কৰাৰ সময়ত সদনৰ সদস্যসকলক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায় । পুৰণি সংসদ ভৱনটোতো এনে কাণ্ড সংঘটিত হোৱাৰ কথা উল্লেখ কৰি সিঙে ভৱিষ্যতে সম্ভৱপৰ সকলো সাৱধানতা অৱলম্বন কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক:সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক; ইউএপিএৰ অধীনত গোচৰ ৰুজু

Last Updated : Dec 14, 2023, 3:00 PM IST

ABOUT THE AUTHOR

...view details