অসম

assam

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 9:09 AM IST

ETV Bharat / bharat

State Assembly polls: উদ্দেশ্য গাদী ৰক্ষা ! নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে স্থিৰ কৰিলে প্ৰাৰ্থীৰ তালিকা

ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে যুদ্ধকালীন প্ৰস্তুতি বিজেপি চৰকাৰৰ ৷ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক সমাপ্ত ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে স্থিৰ হ’ল প্ৰাৰ্থীৰ তালিকা ৷ প্ৰাৰ্থীৰ তালিকা শীঘ্ৰে ঘোষণাৰ সম্ভাৱনা ৷

State Assembly polls 2023
নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপিয়ে স্থিৰ কৰিলে প্ৰাৰ্থীৰ তালিকা

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ:2023 ত অনুষ্ঠিত হ’ব লগীয়া কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ ৷নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে বিজেপিয়ে প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থী । ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক বুধবাৰে দিল্লীত সামৰণি পৰে ৷ মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বুধবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এই উল্লেখযোগ্য বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অন্যান্য সদস্যসকলে ।

বৈঠকত কমিটীয়ে মধ্যপ্ৰদেশৰ বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে হেৰুৱাই পেলোৱা সকলো আসন সন্দৰ্ভত আলোচনা কৰে । 37 খন আসনৰ ভিতৰত প্ৰায় 36 খন আসন সন্দৰ্ভত আলোচনা কৰা হৈছিল এই আলোচনাত ৷ এইকেইটা সমষ্টিত বিগত বিধানসভাৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিছিল বিজেপিয়ে ।

এই আলোচনাত মূলতঃ মধ্যপ্ৰদেশৰ 230খন আসনৰ ভিতৰত 2018 চনৰ নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱা 63 টা সমষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । বৰ্তমান ৰাজ্যখনৰ ১২৮ টা বিধানসভা সমষ্টি আছে বিজেপিৰ হাতত ৷ দলটোৱে হেৰুৱাইছে 102 খন আসন ।

ইয়াৰে বিজেপিয়ে ইতিমধ্যে প্ৰথমখন তালিকাৰ 39 খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল । বাকী 63 খন আসনৰ ওপৰত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত পুংখানুপুংখভাৱে আলোচনা কৰা হয় ৷ ইয়াৰে প্ৰায় 36-37খন আসনৰ প্ৰাৰ্থী সন্দৰ্ভত একমতত উপনীত হৈছে সমিতি ।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে দলটোৰ মূল সমিতিখনে দুদিন ধৰি ৰাজ্যসমূহত বৈঠক অনুষ্ঠিত কৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছিল । এই বৈঠকৰ পাছত বিজেপিয়ে পৰৱৰ্তী তালিকাত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় নিৰ্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰিব বুলি আশা কৰা হৈছিল ।

বিজেপিৰ মূল সমিতিৰ পিচত কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে প্ৰাৰ্থীৰ নামত চূড়ান্ত অনুমোদনৰ ছীল মাৰে । এই পদক্ষেপৰ পিছতহে প্ৰাৰ্থীসকলে টিকট লাভ কৰে, আৰু আগন্তুক নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰা হয় । মন কৰিবলগীয়া যে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে বিজেপিয়ে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ।

এইবাৰ পাঁচখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ বাবে বিজেপিয়ে এক ব্যাপক কৌশল লৈ আগবঢ়া পৰিলক্ষিত হৈছে । এই নিৰ্বাচনী ৰাজ্যসমূহৰ সকলো আসনক ক, খ, গ, আৰু ঘ হিচাপে বিভক্ত কৰা হৈছে ।

‘ক’ শ্ৰেণীত এনে আসন অন্তৰ্ভুক্ত কৰা হৈছে য’ত দলটোৱে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছে । ‘খ’ শ্ৰেণীত বিজেপিৰ জয়-পৰাজয়ৰ মিশ্ৰিত ট্ৰেক ৰেকৰ্ড থকা আসনসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে ‘গ’ শ্ৰেণীত দলটো তুলনামূলকভাৱে দুৰ্বল হোৱা আসনসমূহক প্ৰতিনিধিত্ব কৰে । ইয়াৰ বিপৰীতে ‘ঘ’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে বিগত তিনিটা নিৰ্বাচনত বিজেপিৰ ধাৰাবাহিক পৰাজয়ৰ সমষ্টিবোৰ ।

লগতে পঢ়ক:Parliament special session : কি হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাম-কাজ ?

ABOUT THE AUTHOR

...view details