অসম

assam

ETV Bharat / bharat

BJP Foundation Day 2022: দলীয় নেতা-কৰ্মীক প্ৰধানমন্ত্ৰীৰ সম্বোধন - ভাৰতীয় জনতা পাৰ্টিয়ে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিব

দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিব (42nd Foundation Day of BJP)। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দলৰ নেতা-কৰ্মীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব । ৭ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ বিজেপিয়ে "সামাজিক ন্যায় পষেক" পালন কৰিব ।

BJP Foundation Day 2022
দলীয় নেতা কৰ্মীক প্ৰধানমন্ত্ৰীৰ সম্বোধন

By

Published : Apr 6, 2022, 11:36 AM IST

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল :ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিষ্ঠা দিৱস (Foundation Day of Bharatiya Janata Party) উপলক্ষ্যে দেশজুৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে । অহা ৭ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ দেশৰ ভিন্ন প্ৰান্তত বিজেপি দলে বহুতো কাৰ্যসূচী ৰূপায়ণ কৰিব । বুধবাৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলীয় নেতা-কৰ্মীসকলক সম্বোধন কৰিব (PM Modi to address party leaders and workers)।

বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক অৰুণ সিঙে এই কথা প্ৰকাশ কৰে । উক্ত দিন কেইটাত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দলীয় কৰ্মীসকলে মোডী চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাইজৰ মাজক সজাগতা সৃষ্টি কৰিব । ইফালে ১৪ এপ্ৰিলত বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী (Birth anniversary of B R Ambedkar) উপলক্ষ্যে বিভিন্ন কাৰ্যসূচীও আয়োজন কৰিব দলটোৱে ।

বিজেপিৰ সভাপতি জে পি নাড্ডাই দলৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰিব আৰু ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিব । দলটোৱে মুখ্য কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰো আয়োজন কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পুৱা ১০ বজাত সমগ্ৰ দেশৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিব ।

ইফালে, কৰোলবাগত পুৱা ১১ বজাত এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই । দলটোৱে উক্ত দিন কেইটা "সামাজিক ন্যায় পষেক" হিচাপে পালন কৰিব (Social Justice Fortnight)। বুধবাৰে বিজেপি ৰ মুৰব্বী নাড্ডাই ১৩ টা মিছনৰ মুৰব্বীৰ সৈতে বাৰ্তালাপ কৰিব । বাৰ্তালাপৰ উদ্দেশ্য হৈছে দলটোৰ বিষয়ে জনা আৰু বিদেশী দূতসকলক বিজেপিৰ বিষয়ে অৱগত কৰা ।

বিজেপিৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুৰব্বী বিজয় চৌথাইৱালে কোৱা মতে বৈদেশিক নীতিৰ কোনো উপাদান এই বাৰ্তালাপৰ অংশ নহ'ব । বুধবাৰে আবেলি ৪ বজাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত ফ্ৰান্স, ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল, পৰ্তুগাল, চুইজাৰলেণ্ড, পোলেণ্ড, ৰোমানিয়া, স্লোভাকিয়া, ইটালী, হাংগেৰী, ভিয়েটনাম, নৰৱে, বাংলাদেশ আৰু ছিংগাপুৰৰ উচ্চায়ুক্তসকল উপস্থিত থাকিব ।

লগতে পঢ়ক :বিশ্ব স্বাস্থ্য দিৱসত 'যােগ অমৃত মহােৎসৱ' উদযাপন কৰিব আয়ুষ মন্ত্রালয়ে

ABOUT THE AUTHOR

...view details