অসম

assam

By

Published : May 14, 2023, 10:25 AM IST

ETV Bharat / bharat

Karnataka Polls 2023 : বিতৰ্কৰ অন্তত জয়ানগৰত ১৬টা ভোটত বিজেপি প্ৰাৰ্থীক বিজয়ী ঘোষণা

পূৰ্বতে জয়ানগৰ বিধানসভা সমষ্টিৰ ফলাফল ঘোষণাত এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰথমতে কংগ্ৰেছ প্ৰাৰ্থী সৌম্যা ৰেড্ডীক ১৬০ টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা কৰা হয় । কিন্তু বিজেপিয়ে এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰি ডাক ভোট পুনৰ গণনাৰ দাবী জনায় । পিছত ঘোষণা কৰা হয় যে বিজেপি আগবাঢ়ি আছে । ইয়াৰ ফলত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বিবাদ আৰম্ভ হয় (CK Ramamurthy won Jayanagar seat in Karnataka) ।

Karnataka Polls 2023
Karnataka Polls 2023

নিউজ ডেস্ক, ১৪ মে' :তীব্ৰ উত্তেজনা আৰু তুমুল বিতৰ্কৰ অন্তত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি প্ৰাৰ্থী চি কে ৰামমূৰ্তিয়ে মাত্ৰ ১৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । চি কে ৰামমূৰ্তিয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ সৌম্য ৰেড্ডীক কৰ্ণাটকৰ জয়ানগৰ সমষ্টিত ১৬টা ভোটৰ ন্যূনতম ব্যৱধানত পৰাস্ত কৰাৰ কথা নিৰ্বাচনী বিষয়াই ঘোষণা কৰে (CK Ramamurthy declared winner from Jayanagar) ।

ৰাজ্যৰ তথ্য বিভাগৰ এজন বিষয়াই এক বিবৃতিত কয়, "আজি পুৱতি নিশা জয়ানগৰৰ এছ এছ এম আৰ ভি মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ বিষয়াসকলে এই ফলাফল ঘোষণা কৰে ।" উল্লেখ্য, বিজয়ৰ ব্যৱধান অতি কম হোৱাৰ বাবে ৰামমূৰ্তিয়ে পুনৰ ভোট গণনাৰ দাবী জনাইছিল (CK Ramamurthy won margin of 16 votes) ।

উল্লেখ্য যে ভোট গণনাৰ সময়ত জয়ানগৰৰ আৰ ভি ইনষ্টিটিউট অব মেনেজমেণ্টত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল । আনহাতে, কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ লগতে কাৰ্যকৰী সভাপতি তথা সৌম্য ৰেড্ডীৰ পিতৃ ৰামলিঙ্গ ৰেড্ডী আৰু আন বহুতো নেতাই ন্যায়ৰ দাবীত ভোটকেন্দ্ৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে (Congress candidate Soumya Reddy lost in Jayanagar) ।

তেওঁলোকে ৰামমূৰ্তিৰ পক্ষত চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ অভিযোগ কৰে । লগতে এই ফলাফলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ বিৰোধিতা কৰে । কিন্তু নিৰ্বাচনী বিষয়াসকলে ৰামমূৰ্তিক ১৬ টা ভোটৰ ন্যূনতম ব্যৱধানত বিজয়ী হিচাপে ঘোষণা কৰে ।

ফলত কংগ্ৰেছে 224 জনীয়া কৰ্ণাটক বিধানসভাত 135 খন আসন লাভ কৰে । পূৰ্বতে এই সংখ্যা আছিল ১৩৬ । নিৰ্বাচন আয়োগৰ ৱেবছাইট অনুসৰি, বিজেপিয়ে ৬৬ খন আৰু জেডি(এছ)য়ে ১৯ খন আসন লাভ কৰিছে (congress wins Karnataka election) ।

উল্লেখ্য যে পূৰ্বতে জয়ানগৰ বিধানসভা সমষ্টিৰ ফলাফল ঘোষণাত এক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰথমতে কংগ্ৰেছ প্ৰাৰ্থী সৌম্য ৰেড্ডীক ১৬০ টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা কৰা হয় । কিন্তু বিজেপিয়ে এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰি ডাক ভোট পুনৰ গণনাৰ দাবী জনায় । পিছত ঘোষণা কৰা হয় যে বিজেপি আগবাঢ়ি আছে । ইয়াৰ ফলত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বিবাদ আৰম্ভ হয় (BJP candidate CK Ramamurthy win in Jayanagar) ।

ইফালে কংগ্ৰেছ প্ৰাৰ্থী সৌম্য ৰেড্ডীয়ে জয়ানগৰ সমষ্টিত ১৬০ টা ভোটৰ ব্যৱধানত বিজয়ী হোৱা বুলি ঘোষণা কৰাৰ পিছত বিজেপি প্ৰাৰ্থী চি কে ৰামমূৰ্তিয়ে ডাক ভোটৰ পুনৰ গণনাৰ বাবে অনুৰোধ জনায় । বিজেপি প্ৰাৰ্থীগৰাকীৰ অনুৰোধ অনুসৰি ডাক ভোট দুবাৰকৈ পুনৰ গণনা কৰা হয় । তাৰ পিছত বিজেপি প্ৰাৰ্থীগৰাকী ১৭টা ভোটত আগবাঢ়ি থকাৰ তথ্য প্ৰদান কৰা হয় ।

তাৰ পিছতে কংগ্ৰেছ প্ৰাৰ্থী সৌম্য ৰেড্ডীৰ স্পষ্ট বিজয় সত্ত্বেও পুনৰ গণনাৰ অজুহাতত নিৰ্বাচনী বিষয়া আৰু অভিযুক্তৰ ফলাফলৰ বিৰুদ্ধে কংগ্ৰেছ নেতাসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে । লগতে কংগ্ৰেছ নেতাসকলে গণনা কেন্দ্ৰৰ ভিতৰত আৰ অশোক, তেজস্বী সূৰ্য আৰু বিজেপিৰ আন নেতাসকলৰ অবৈধ প্ৰৱেশক গৰিহণা দিয়ে । কিন্তু সকলো বিতৰ্ক আৰু অভিযোগৰ অন্ত পেলাই বিজেপি প্ৰাৰ্থী চি কি ৰামমূৰ্তিক দেওবাৰে পুৱা নিৰ্বাচন আয়োগে বিজয়ী ঘোষণা কৰে (Karnataka election results 2023) ।

লগতে পঢ়ক :Stalin Congratulates Congress : কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ বাবে কংগ্ৰেছক অভিনন্দন ষ্টেলিনৰ

ABOUT THE AUTHOR

...view details