নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ ৰামপুৰ সমষ্টিৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰবীন নেতা আজম খানৰ (SP MLA Azam Khan)দুৰ্গ উৎখাত কৰি বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ জয় (BJP candidate Akash Saxena won)৷ 26 তম ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী আকাশ চাক্সেনাই 50,435 টা ভোট লাভ কৰি 11,803 টা ভোটৰ ব্যৱধানত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী অসীম ৰাজাক পৰাস্ত কৰে ৷ অসীম ৰাজাই লাভ কৰে 38,632 টা ভোট ৷
২৫ তম ৰাউণ্ডত বিজেপিৰ আকাশ চাক্সেনাই 47,505 টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিৰ অসীম ৰাজাই 36,440 টা ভোট লাভ কৰিছিল ৷ আকাশ চাক্সেনাৰ বিজয়ে বিজেপি কৰ্মীসকলৰ মাজত আনন্দৰ বন্যা বৈছে ৷ ঢোলে-দগৰে বিজেপিৰ কৰ্মীসকলে আকাশ চাক্সেনাৰ বিজয় উৎসৱ পালন কৰে ৷
উল্লেখ্য যে আজম খানে আক্ৰোষমূলক ভাষণ দিয়াৰ পিছতে তেওঁক কাৰাদণ্ড বিহা হৈছিল ৷ তাৰ পিছপে পৰা ৰামপুৰ সদৰ বিধানসভা আসনখন খালী হৈ আছিল ৷ অসীম ৰাজাই এই আসনৰ বাবে সমাজবাদী পাৰ্ৰ্টিৰ হৈ বিজেপি প্ৰাৰ্থী আকাশ চাক্সেনাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷