নেশ্যনেল ডেস্ক, 5 ফ্ৰেব্ৰুৱাৰী :কৰ্ণাটকৰ কিছু শিক্ষানুস্থানৰ ছাত্ৰীক হিজাব অথবা বোৰ্খা পিন্ধি শিক্ষানুস্থানলৈ অহাত বাধা দিয়াক লৈ উত্তপ্ত হৈছে কৰ্ণাটকৰ লগতে দেশৰ আন আন ৰাজ্যৰ ৰাজনীতি (Karnataka Hijab row ) ।
এই হিজাব অথবা বোৰ্খা পিন্ধাৰ বিষয়ক লৈ নিজৰ মত স্পষ্ট কৰাৰ বাবে এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰিছে বিজেপি দল তথা বহু বিজেপি নেতাই । কৰ্ণাটকৰ বিষয়টো লৈ চৰ্চা হৈ থকা সময়তে ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰৰ জৰিয়তে কৈছিল যে, হিজাব অথবা বোৰ্খাৰ বিষয়টো শিক্ষাৰ মাজলৈ টানি আনি ছাত্ৰী সকলৰ ভৱিষ্যত কাঢ়ি লোৱা হৈছে । "মা সৰস্বতীয়ে জ্ঞান সকলোকে সমানে দিয়ে । তেওঁ কাৰোৱেই মাজত পাৰ্থক্য নকৰে । "
ৰাহুল গান্ধীৰ এই টুইটৰ পাছতেই কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা দেখা যায় বিজেপি দলৰ বহু নেতাক । কৰ্ণাটকৰ বিজেপি দলে ৰাহুলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে নিজৰ বক্তব্যৰ জৰিয়তে কংগ্ৰেছৰ কো-ওনাৰ ৰাহুল গান্ধীয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে, তেওঁ ভাৰতৰ ভবিষ্য়তৰ বাবে বিপদজনক (BJP calls Rahul Gandhi dangerous for India's future after hijab row ) । "যদি এই হিজাব অথবা বোৰ্খা শিক্ষাৰ ইমানেই প্ৰয়োজনীয় ৰাহুল গান্ধীয়ে ইয়াক কংগ্ৰেছ চৰকাৰ থকা ৰাজ্য সমূহত বাধ্যতামুলক নকৰে কিয় ?" কৰ্ণাটকৰ বিজেপিৰ শাখাই প্ৰশ্ন কৰে ৰাহুলক ।