নেশ্যনেল ডেস্ক, ৯ জুন:আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে (Lok Sabha Election 2024)। ভাৰতীয় জনতা পাৰ্টিয়েও বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা চলাইছে । বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দলটোৱে । তাৰ অংশস্বৰূপে অহা ১১ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ । বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলক দিল্লীৰ এই বৈঠকত উপস্থিত থাকিবলৈ জনোৱা হৈছে (BJP calls meeting of CMs and Deputy CMs)।
দলীয় সূত্ৰৰ মতে, বৈঠকৰ উদ্দেশ্য আগন্তুক বিধানসভা নিৰ্বাচন আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত হোৱাৰ সম্ভাৱনা আছে । বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে ৰাজ্যিক সংগঠনৰ সম্পাদকসকলো উপস্থিত থাকিব ।
ইয়াৰ মাজতে বুধবাৰে, জে পি নাড্ডাই উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত দলীয় কৰ্মীসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয় ৷ তেওঁ দলীয় কৰ্মীসকলক সক্ৰিয় হৈ থাকিবলৈ আৰু জনসাধাৰণৰ কাষলৈ যোৱাৰ বিভিন্ন উপায় বিচাৰিবলৈ নিৰ্দেশ দিয়ে (BJP tiffin meeting)। বিজেপিৰ এটা সূত্ৰই কোৱা মতে যে সেই বৈঠকত বিজেপিৰ মুৰব্বী জে পি নাড্ডাই দলটোৰ নতুন আৰু পুৰণি কৰ্মীসকলক এটা গুৰুত্বপূৰ্ণ মন্ত্ৰণা দিয়ে । এই সময়ছোৱাত তেওঁ দলীয় কৰ্মীসকলক কয় যে, তেওঁলোকে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আৰু জনসাধাৰণৰ মন জয় কৰাৰ বাবে বিভিন্ন উপায় বিচাৰিব লাগিব ।