আগৰতলা , 4 ছেপ্তেম্বৰ :বিজেপিৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আগন্তুক দুবছৰৰ ভিতৰত তৃণমূলে ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব বুলি দাবী তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ নেত্ৰী সুস্মিতা দেৱৰ ৷ 15 দিনীয়া ভ্ৰমণসূচী লৈ ত্ৰিপুৰাত উপস্থিতি হোৱা All India Trinamool Congressৰ নেত্ৰীগৰাকীয়ে শুকুৰবাৰে তীব্ৰ বাক্যবাণেৰে শাসকীয় দল বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ 2018 চনত শাসনলৈ অহাৰ পাচৰে পৰা বিজেপি-আইপিএফটি(BJP-IPFT) নেতৃত্বাধীন চৰকাৰখনে বিগত তিনি বছৰৰো অধিক দিন ত্ৰিপুৰাৰ লোকসকলক বিশ্বাসঘাটকতা কৰি আহিছে বুলি দেৱে অভিযোগ উত্থাপন কৰে ৷
প্ৰাক্তন দলীয় সহকৰ্মী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দেৱে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজক প্ৰতাৰণা কৰা বুলি দেবে শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৷ দেবে কয়, "মিছকল দিলেই চৰকাৰী চাকৰী দিয়া হ'ব বুলি যুৱকসকলক ড৹ শৰ্মাই দিয়া প্ৰলোভন ত্ৰিপুৰাৰ ৰাইজে পাহৰা নাই ৷ বিজেপিয়ে ২৪ ঘণ্টা বিদ্যুত, বিকশিত পথ আৰু ৰাইজৰ বাবে উন্নত সুবিধাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু, তেওঁলোকে কি দিলে ? যদিহে ত্ৰিপুৰাত তেওঁলোকৰ শাসন মূল্যায়ন কৰা যায় তেন্তে দেখিব যে একমাত্ৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাদে তেওঁলোকে একো দিয়া নাই ৷ তেওঁলোকে সপ্তম দৰমহা আয়োগৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কি পাইছে সেয়া চৰকাৰী কৰ্মচাৰীসকলে ভালদৰে জানে ৷"
লগতে পঢ়ক :Cyber Fraud : 2 লাখৰ আশাত 70,000 টকা হেৰুৱালে ত্ৰিপুৰাৰ এজন লোকে