নেশ্যনেল ডেস্ক, ৫ মে': পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত টিএমচি কৰ্মীসকলৰ দ্বাৰা সংঘটিত ব্যাপক হিংসাক বিজেপিৰ কেবাজনো নেতাই এই হিংসাৰ বাবে তৃণমূল কংগ্ৰেছক সমালোচনা কৰে । মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ আহে বিজেপি সভাপতি জে পি নাড্ডা ৷ শাসকীয় তৃণমূল কংগ্ৰেছ (টিএমচি) চৰকাৰে ৰাজ্যখনত দলীয় কৰ্মীসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পশ্চিমবংগত উপস্থিত হয় বিজেপি সভাপতিগৰাকী ৷
ইফালে, মংগলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে পুৱাই পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে । ৰাজ্যপাল জগদীপ ধনকাৰে টুইটাৰযোগে প্ৰকাশ কৰে এই কথা ।
আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্বাচনী হিংসাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা এক সঠিক প্ৰতিবেদন বিচাৰিছে য'ত বিৰোধী ৰাজনৈতিক কৰ্মীসকলক লক্ষ্য কৰি লোৱা হৈছে । উল্লেখ্য যে, পশ্চিমবংগৰ নিৰ্বাচনৰ ফলাফলৰ ২৪ ঘণ্টাৰ ভিতৰত, ছয়জন বিজেপি কৰ্মীক হত্যা কৰাৰ লগতে বহুকেইগৰাকী কাৰ্যকৰ্তাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰো অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ।