নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : গেৰুৱা দল বিজেপিয়ে শনিবাৰে সমাগত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে (BJP announces first candidate list for UP polls) । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধানে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ সলনি গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি সদৰী কৰে ৷
সেই অনুসৰি, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৮ খন আসনৰ ভিতৰত বিজেপিয়ে ৫৭ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে । দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৫ খন আসনৰ প্ৰাৰ্থীসকলৰ নামো ঘোষণা কৰে দলটোৱে ৷
উত্তৰ প্ৰদেশ বিজেপিৰ দায়িত্ব বহন কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙৰ সৈতে দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । প্ৰধানে এই সন্দৰ্ভত কয় যে, গোৰখপুৰৰ নিৰ্বাচনী প্ৰাৰ্থী যোগী আদিত্যনাথ হোৱাৰ বিপৰীতে চিৰাথুৰ পৰা উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷
উল্লেখ্য যে, যোগী আদিত্যনাথ গোৰখপুৰৰ পাঁচবাৰৰ লোকসভাৰ সদস্য আছিল ।