নেচনেল ডেস্ক, ২০ মাৰ্চ :ভাৰতৰ ৫ খন ৰাজ্যত শেহতীয়াকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । বিজেপিয়ে গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰতো চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে আনহাতে আম আদমি পাৰ্টিয়ে পাঞ্জাৱত প্ৰথমবাৰলৈ চৰকাৰ গঠন কৰিছে (AAP formed the maiden government in Punjab)। আটাইকেইখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰিছে বিজেপি দলে (BJP party reviews recent election results)। বিশেষকৈ ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ ফলাফলক লৈ বিশেষ পৰ্যালোচনা কৰা হৈছে ।
দলীয় সূত্ৰৰ মতে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য এই ফলাফল অতি গুৰুত্বপূৰ্ণ হ'ব দলটোৰ বাবে । যদিও যোগী আদিত্যনাথ চৰকাৰে উত্তৰ প্ৰদেশত জয়ৰ ধাৰা অব্যাহত ৰাখিছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে দলটোৱে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত প্ৰায় ৬০ খন আসন কম পাইছে (BJP lost nearly 60 seats as compared to 2017)। ২০১৭ চনত ৩২৫ খন আসনৰ বিপৰীতে ২৫৫ খন আসন লাভ কৰিছিল বিজেপিয়ে ।
সূত্ৰৰ মতে নিৰ্বাচনী ফলাফল আৰু ৰাজ্য চৰকাৰৰ নতুন কেবিনেটক লৈ বিভিন্ন বৈঠকত যথেষ্ট বিশ্লেষণ আৰু চিন্তা-চৰ্চা কৰি থকা হৈছে । জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ প্ৰধানে শেহতীয়া এখন বৈঠকত উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফলৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত ৰাখিছিল (Dharmendra Pradhan put complete blueprint of UP elections result)। বৈঠকত চাৰিটা মুখ্য কাৰকৰ ওপৰত আলোচনা কৰা হৈছ । বিজয়ী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, বিশেষত্ব, তেওঁৰ জাতি আৰু প্ৰাৰ্থীৰ বয়সৰ বিষয়ে নেতৃত্বই আলোচনা কৰিছে ।
সূত্ৰৰ মতে নতুন কেবিনেটৰ বাবে শিক্ষাগত অৰ্হতা আৰু প্ৰাৰ্থীৰ বয়সৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । যাৰ বাবে শিক্ষিত আৰু যুৱ বিজয়ী প্ৰাৰ্থীসকলে কেবিনেটত স্থান পোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, যিবোৰ আসনত দলটোৰ ভোটৰ সংখ্যা বৃদ্ধি পাইছে আৰু যি বোৰত দলটোৰ ভোটৰ অংশ হ্ৰাস পাইছে সেইবোৰৰ ওপৰতো পৰ্যালোচনা কৰা হৈছে । লগতে সেইবোৰ স্থানত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ৰণনীতি সম্পৰ্কে বিশ্লেষণ কৰা হৈছে ।