নিউজ ডেস্ক, ৯ জুলাই :নেচনেল পিপ'লছ পাৰ্টীৰ (এনপিপি) অৰুণাচল প্ৰদেশ গোটে উত্তৰ-পূবৰ ৰাজ্যখনত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) অর্থাৎ অভিন্ন দেৱানী বিধি তাৎক্ষণিকভাৱে ৰূপায়ণৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত লোৱা বুলি এনপিপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পাকঙ্গা বাগে জনাইছে ।
এনপিপিৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি লিখা চায়াই সাংবাদিকৰ আগত কয়, "যদিও এনপিপি উন্নয়নমূলক বিষয়ত বিজেপিৰ সৈতে মিত্ৰতাত আছে, কিন্তু আঞ্চলিক দলটোৱে নিজৰ আদৰ্শ অনুসৰণ কৰে ।" দলটোৱে সৰ্বসন্মতিক্ৰমে অভিন্ন দেৱানী বিধিৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাজ্যখনৰ বহুধা বিভক্ত জাতি আৰু জনজাতীয় গঠন শৈলীৰ লগতে ইয়াৰ শক্তিশালী পৰম্পৰাগত আৰু ৰীতি-নাতিগত পৰিচয়ৰ কথা উল্লেখ কৰি এই সিদ্ধান্ত লোৱা বুলি বাগে কয় ।
এনপিপিয়ে ইউচিচিৰ বিৰোধিতা কৰাৰ কাৰণ বৰ্ণনা কৰি বাগে কয় যে যিহেতু অৰুণাচল প্ৰদেশৰ নিজা একক আইন আছে, সেয়ে এনপিপিয়ে কিছুমান সংশোধনৰ জৰিয়তে পৰম্পৰাগত আইনৰ সৈতে আগবঢ়াৰ বাবে সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে । তেওঁ কয়, "ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ পৰম্পৰাগত আইনসমূহক জনজাতীয় প্ৰথাৰ সৈতে সংৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সংশোধনৰ সৈতে বিধিগত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত ।"