নেশ্যনেল ডেস্ক, 12 আগষ্ট:শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ নিজা সমষ্টি ৱায়ানাডত উপস্থিত হয় ৷ নিজ সমষ্টিত উপস্থিত হোৱাৰ পাচতে নেতাগৰাকীৰ আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয় ৷ উল্লেখ্য যে শনিবাৰে কেৰালা কংগ্ৰেছৰ নেতৃত্বাধীন ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে (ইউডিএফ) সাংসদ পদ পুনৰ লাভ কৰি নিজ সমষ্টিত হোৱা ৰাহুল গান্ধীৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল ৷
অনুষ্ঠানটোত জনতাক সম্বোধন কৰি ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ (BJP) বিৰুদ্ধে তেওঁৰ সাংসদ পদ কাঢ়ি লৈ ৱায়ানাড সমষ্টিৰ ৰাইজৰ সৈতে তেওঁৰ সম্পৰ্ক ছিন্ন কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধি গোচৰৰ পৰিপ্ৰেক্ষিতত হেৰুওৱা সাংসদ পদ ঘূৰাই পায় ৷
ৰাহুল গান্ধীয়ে বিজেপিক তেওঁলোকৰ বিভাজনমূলক কৌশলৰ বাবে গৰিহণা দিয়ে আৰু দাবী কৰে যে দলটোৱে পৰিয়ালবোৰ ধ্বংস কৰা আৰু ভাৰতৰ ঐক্য কলুষিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁ মণিপুৰলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে বিভাজনমূলক ৰণনীতিৰ বাবেই মণিপুৰৰ পৰিয়ালবোৰক ধ্বংস কৰা হৈছে ৷ সাংসদগৰাকীয়ে দাবী কৰে যে লোকসভাত মণিপুৰ বিষয়ত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলক উপভোগ কৰা থকা দেখা গৈছিল ৷