নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ :ৰাজস্থানত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তাৰ মাজতে ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ উঠিছে । ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছ নেতাগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ এই অভিযোগ আনিছে বিজেপিয়ে । বিজেপিয়ে নিৰ্বাচন আয়োগক ৰাহুল গান্ধীৰ সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিবলৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লোকসকলক কংগ্ৰেছ দলটোক বাছনি কৰিবলৈ আহ্বান জনাই লিখিছিল, "ৰাজস্থানে বিনামূলীয়া চিকিৎসা বাছনি কৰিব । ৰাজস্থানে সস্তীয়া গেছ চিলিণ্ডাৰ বাছনি কৰিব । ৰাজস্থানে সুদ-মুক্ত কৃষি ঋণ বাছনি কৰিব । ৰাজস্থানে ইংৰাজী শিক্ষা বাছনি কৰিব । ৰাজস্থানে অ'পিএছ বাছনি কৰিব । ৰাজস্থানে জাতিগত পিয়ল বাছনি কৰিব ।"