অসম

assam

ETV Bharat / bharat

Bitter gourd benefits: সোৱাদত তিতা হ'লেও আপোনাৰ স্বাস্থ্যৰ বাবে বৰদান কেৰেলা

বিগত কেইবছৰমানৰ পৰা ডায়েবেটিছ দ্ৰুতগতিত বৃদ্ধি পাইছে । বিশেষকৈ ভাৰতত ইয়াৰ ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ডায়েবেটিছ হ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে । আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জনাম ডায়েবেটিছত তিতা কেৰেলাই কেনেদৰে আপোনাৰ উপকাৰ সাধন কৰিব ।

By

Published : Mar 31, 2023, 5:10 PM IST

Bitter gourd proves to be a panacea for diabetic patients consume it like this
সোৱাদত তিতা হ'লেও আপোনাৰ স্বাস্থ্যৰ বাবে বৰদান কেৰেলা

ব্যস্ততাপূৰ্ণ জীৱনটোৱে আমাৰ সকলোৰে জীৱনশৈলীত বাৰুকৈয়ে প্ৰভাৱ পেলায় । যাৰতবাবে মানুহ মেদবহুলতাৰ পৰা ৰক্তচাপলৈকে আনকি ডায়েবেটিছতো ভুগিবলগীয়া হয়(Who should not eat bitter gourd)। ডায়েবেটিছ এনে এক ৰোগ যাৰ কোনো নিৰাময় নাই, ঔষধ আৰু জীৱনশৈলী সলনি কৰিলেহে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি । ডায়েবেটিছে ক্ৰমান্বয়ে আন অংগসমূহকো প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে । সেয়েহে ইয়াক নিৰৱ হত্যাকাৰী বুলিও কোৱা হয় ।

ই এনেকুৱা এটা বেমাৰ যে এবাৰ হ’লে গোটেই জীৱন এৰি নাযায় । ডায়েবেটিছ ৰোগীৰ চকুৰ সমস্যা, বৃক্ক আৰু যকৃতৰ ৰোগ, ভৰি ফুলা আদি সাধাৰণ কথা(What are the health benefits of bitter gourd)। মধুমেহ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে । কেৰেলা তাৰ ভিতৰত অন্যতম ।

ডায়েবেটিছ ৰোগীৰ বাবে কেৰেলা অমৃততকৈ কম নহয়

উপকাৰিতাৰে ভৰপূৰ কেৰেলা

কেৰেলা নিশ্চিতভাৱে তিতা, কিন্তু আপোনাৰ স্বাস্থ্যৰ বাবে ইয়াৰ উপকাৰৰ কোনো তুলনা নাই । কেৰেলা শাক-পাচলি বা ৰস সকলোৱে ভাল নাপায় । সাধাৰণতে দেখা যায় যে তিতা কেৰেলাৰ কথা ক’লেই শিশুৱে পলাই যায় । যদি ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে তিতা কেৰেলাৰ ৰস খায়, তেন্তে তেওঁলোকে এই ৰোগৰ বিৰুদ্ধে সহজে যুঁজিব পাৰে(Bitter gourd benefits)। কেৰেলাৰ ৰসে স্বাভাৱিকতে শৰীৰত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে । ই শৰীৰত ইনচুলিন সক্ৰিয় কৰে(What are the disadvantages of bitter gourd) ।

তিতা কেৰেলাৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে

ডায়েবেটিছ প্ৰতিৰোধী গুণ কেৰেলাত পোৱা যায় । ইয়াত থকা কেৰাটিনে তেজত গ্লুক’জৰ মাত্ৰা কমাই দিয়ে । কেৰেলাত পলিপেপটাইড-পি বা পি-ইনচুলিনও থাকে, যিয়ে প্ৰাকৃতিকভাৱে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে(Is bitter gourd good for stomach)।

কেৰেলাৰ ৰস কেনেকৈ বনাব

কেৰেলাৰ ৰস বনাবলৈ সতেজ কেৰেলাৰ বাকলি গুচাই ল'ব । ইয়াৰ পিছত সৰু সৰু টুকুৰা কৰি কাটি লওক । ইয়াৰ গুটিবোৰ পৃথক কৰি পানীত আধা ঘণ্টা তিয়াই থওক । ইয়াৰ পিছত জুচাৰত কেৰেলাখিনি দি তাৰ লগত অলপ নেমুৰ ৰস আৰু আধা চামুচ নিমখ দিব । কেৰেলাৰ তিতা কম কৰিবলৈ ৰসত কিছু মৌ মিহলাই দিব পাৰে । নিয়মিতভাৱে সেৱন কৰাসকলে নিজৰ শৰীৰত ইয়াৰ উপকাৰিতা দেখিবলৈ পাব ।

লগতে পঢ়ক:HIV genes: কেনেকৈ ধৰা পেলাব পাৰি শৰীৰত লুকাই থকা মাৰাত্মক HIV

ABOUT THE AUTHOR

...view details