অসম

assam

ETV Bharat / bharat

Bitcoin scam: বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বিৰোধী কংগ্ৰেছৰ - সৰ্ববৃহৎ বিটকইন কেলেংকাৰী

বিটকইন কেলেংকাৰীয়ে (Bitcoin Scam) দেশত ব্যাপত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে কৰ্ণাটক চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছে । কেলেংকাৰী সন্দৰ্ভত উচিত তদন্ত নকৰাৰো অভিযোগ তুলিছে কংগ্ৰেছে । কংগ্ৰেছৰ মতে শাসকীয় দলটোৱে এই কেলেংকাৰী গাপ দিয়াৰ চেষ্টা চলাইছে ।

Bitcoin scam
বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ বিৰোধী কংগ্ৰেছৰ

By

Published : Nov 14, 2021, 12:12 PM IST

নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ :বিটকইন কেলেংকাৰীয়ে (Bitcoin scam) সম্প্ৰতি কৰ্ণাটকৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শাসকীয় বিজেপিৰ বিৰুদ্ধে কেলেংকাৰী সন্দৰ্ভত তদন্তত গাফিলতিৰ অভিযোগ তুলিছে বিৰোধী কংগ্ৰেছে । এনে অভিযোগৰ মাজতে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই (Basavaraj Bommai) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে ।

এআইচিচিৰ (AICC) মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই কেলেংকাৰীটোৰ ন্যায়িক তদন্তৰ দাবী জনায় । উল্লেখ্য যে, 'হোৱেল এলাৰ্ট' (Whale Alert) অনুসৰি ২০২০ চনৰ ১ ডিচেম্বৰ আৰু ২০২১ চনৰ ১৪ এপ্ৰিল তাৰিখে বিটফাইনেক্স বিটকইন এক্সচেঞ্জৰ (Bitfinex Bitcoin exchange) ২০১৬ চনৰ হেকৰ পৰা বিটকইন স্থানান্তৰ কৰা হৈছিল । ইয়াৰ মূল্য প্ৰায় ৭০৪.৮ নিযুত আমেৰিকান ডলাৰ । ভাৰতীয় মূল্য হিচাপত ইয়াৰ পৰিমাণ ৫,২৪০ কোটি টকা হ'ব ।

লক্ষণীয়ভাৱে, কংগ্ৰেছৰ বিধায়ক তথা চৰকাৰী মুখপাত্ৰ প্ৰিয়াংক খাৰ্গে হেকাৰ শ্ৰীকৃষ্ণৰ এক বিবৃতি প্ৰকাশ কৰি কয় যে যদি তদন্তটো নিৰপেক্ষভাৱে কৰা হয় তেন্তে চৰকাৰৰ পতন নিশ্চিত । তেওঁৰ অভিযোগ কেলেংকাৰীটোত বিজেপি নেতা আৰু তেওঁলোকৰ সন্তান জড়িত আছিল । আনকি গোচৰটো এনফৰ্চমেণ্ট ডিৰেক্টৰেটলৈ (ED) হস্তান্তৰ কৰা সন্দৰ্ভত চৰকাৰৰ নিৰ্দেশৰ ওপৰতো প্ৰশ্ন তোলে নেতাগৰাকীয়ে ।

এআইচিচিৰ (AICC) মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই অভিযোগ কৰে যে কৰ্ণাটকত ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ বিটকইন কেলেংকাৰী কথা পোহৰলৈ আহিছে । কিন্তু ইয়াৰ নিৰপেক্ষ তদন্ত কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে বিটকইন কেলেংকাৰী লুকুৱাবলৈহে চেষ্টা চলাইছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । আনকি ৰাজ্য চৰকাৰকো এই সন্দৰ্ভত কেইবাটাও প্ৰশ্ন কৰে কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে ।

তেওঁ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ ভূমিকা আৰু দায়বদ্ধতাৰ বিষয়ে জানিব বিচাৰিছে । যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বিটকইন কেলেংকাৰীৰ সময়ত গৃহমন্ত্ৰী আছিল । তেওঁ লগতে প্ৰশ্ন কৰে যে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক থকা ইমান ডাঙৰ অপৰাধ স্বত্বেও চিবিআইৰ ইণ্টাৰপ'ল শাখাক (Interpol wing) কিয় অৱগত কৰা হোৱা নাছিল ? তেওঁ লগতে প্ৰশ্ন কৰে যে চৰকাৰে ইণ্টাৰপ'ললৈ চিঠি লিখিবলৈ পাঁচ মাহৰো অধিক সময় কিয় অপেক্ষা কৰিছিল ।

লগতে পঢ়ক :দিল্লীত পুনৰ Lockdownৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ:কিন্তু কিয় ?

ABOUT THE AUTHOR

...view details