বিজনেছ ডেস্ক, 8 জানুৱাৰী :হ্ৰাস পালে বিটকইনৰ সুদৰ হাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ শেহতীয়া বৈঠকৰ পিছত মাৰ্চৰ লগে লগে কেন্দ্ৰীয় বেংকে সূতৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা দিয়ে ৷ যাৰ বাবে শুকুৰবাৰে বিটকইনৰ সুদৰ হাৰ হ্ৰাস পায় ৷
আগশাৰীৰ বিত্ত বিষয়ক সাপ্তাহিক সংবাদ পত্ৰ বেৰনছে ডিজিটেল মুদ্ৰা বিটকইনৰ মূল্য বিগত তিনিমাহতকৈ যথেষ্ট হ্ৰাস পায় (Bitcoin drops to 3 month-low after hike in US Fed signals interest rate) বুলি প্ৰকাশ কৰে ৷
ইয়াৰোপৰি 'CoinDesk' ৰ তথ্য অনুসৰি শুকুৰবাৰে বিটকইনৰ লেনদেন হৈছিল প্ৰায় 42.086 ৷ এই পৰিমাণ বিগত 24 ঘণ্টাতকৈ 2.1 শতাংশ হ্ৰাস পায় বুলি এই তথ্যত প্ৰকাশ হৈছে ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী বিটকইনৰ মূল্য 41,012 হোৱা হেতুকে ইয়াৰ মূল্য ডলাৰৰ দৰে হ্ৰাস পাইছে বুলি 'CoinDes' য়ে কয় ৷ এই হাৰ বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষভাগৰ পৰা হ্ৰাস পাইছে বুলি তথ্যত প্ৰকাশ পায় ৷ 'CoinDesk' ৰ তথ্যৰ ভিত্তিত বিটকইনৰ লেনদেন এই সপ্তাহত 12 শতাংশলৈ হ্ৰাস পাইছে ৷